প্ৰসংগঃ বিশ্ব পাৰিপাৰ্শ্বিক দিৱস জনতা ঐক্যবদ্ধ হ’লেহে প্ৰকৃতি সুৰক্ষিত হ’ব

লেখা: ধ্ৰুৱজ্যোতি সাহা

১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ ষ্টকহোম সভাত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে ১৯৭৪ চনত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন কৰাৰ পূৰ্বে যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নহৈছিল, এনে নহয়৷ কিন্তু, স্থল-জল-বায়ু প্ৰদূষণ ৰোধ কৰা, জীৱকুল ৰক্ষা কৰা, বৰ্ধিত জনসংখ্যাৰ বাবে হ’ব পৰা বিভিন্ন প্ৰদূষণ ৰোধ কৰা, ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা হ্ৰাস কৰা, প্ৰকৃতিৰ বহনক্ষম ক্ষমতা অক্ষুণ্ণ ৰখা, বনজ সম্পদ সম্বন্ধীয় অপৰাধ হ্ৰাস কৰা আদি বিভিন্ন প্ৰাসংগিক বিষয়ক গুৰুত্ব প্ৰদানেৰে সমূহীয়াকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সাধাৰণ জনতাক পৰিৱেশ সুৰক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যত বিশ্বৰ ১৪৩ খন দেশে প্ৰতিবছৰে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন কৰি আহিছে৷ প্ৰত্যেক বছৰতে এটা নতুন বিষয় (Theme) লৈ এখন দেশ আয়োজক হিচাপে থাকি উদযাপন কৰা বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ এইবাৰৰ বিষয় ‘জৈৱ-বৈচিত্ৰৰ স’তে উদযাপন’ (Celebrate Biodiversity)৷
২০১৮ বৰ্ষত ‘প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক’ শীৰ্ষক বিষয়ত ভাৰতবৰ্ষই আয়োজক দেশ হিচাপে থাকি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উদযাপন কৰাৰ পাছত ২০১৯ বৰ্ষত ‘বায়ু প্ৰদূষণ ৰোধ কৰক’ শীৰ্ষক বিষয় লৈ চীন দেশ আয়োজক আছিল৷ বহু জীৱকুলক নিজৰ বুকুত স্থান দিয়াৰ বাবেই পুঁজিপতিৰ হাতোৰাত নিঃশেষ হ’বলৈ ওলোৱা ‘আমাজান’ অৰণ্যৰ এখন দেশ কলম্বিয়াই চলিত বৰ্ষৰ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ আয়োজক দেশ৷ জাৰ্মানীৰ সহযোগত কলম্বিয়াই ‘জীৱ-বৈচিত্ৰৰ স’তে উদযাপন’ কৰি সাধাৰণ জনতাক পৃথিৱীৰ সুৰক্ষাৰ বাবে আহ্বান জনালেও প্ৰকৃতাৰ্থত এয়া এক নিয়মমাফিক বিষয় হিচাপে ইতিমধ্যেই স্পষ্ট হৈছে৷ কাৰণ, সৰ্ব সাধাৰণ জনতা পৃথিৱী ধ্বংসৰ ক্ষেত্ৰত যিমান দায়ী, তাতকৈ বহু গুণ বেছি দায়ী পুঁজিপতিৰ আশিসধন্য চৰকাৰী ব্যৱস্থাটো৷
লক্ষ্য কৰিলেই দেখা যায় যে দক্ষিণ আমেৰিকাৰ আমাজানেই হওক অথবা তামিলনাডুৰ নীলগিৰী জিলাৰ ক্ৰান্তীয় বৰ্ষাৰণ্য কিম্বা পূবৰ উশাহ স্বৰূপ দিহিং-পাটকাই, ডিব্ৰু-চৈখোৱাই হওক পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত চৰকাৰৰ হস্তক্ষেপতেই বনধ্বংসৰ কচৰৎ কৰি থকা হৈছে৷ খেতিৰ বাবেই হওক অথবা উদ্যোগৰ বাবেই হওক, প্ৰতিবছৰে পৃথিৱীৰ হাওঁফাওঁ আমাজানৰ এটা অংশ জ্বলাই ধ্বংস কৰা হয়৷ কিন্তু, ২০১৯ বৰ্ষত সংঘটিত হোৱা ভয়াবহ বনজুয়ে আমাজানৰ হাজাৰ হাজাৰ হেক্টৰ বনভূমি এলেকা ধ্বংস হয়৷ এই বনজুইৰ উদ্দেশ্য খেতি অথবা ক্ষুদ্ৰ উদ্যোগৰ বিপৰীতে কেৱল মুনাফা অৰ্জনৰ বাবেই যে বৃহৎ পুঁজিপতিৰ বনজ সম্পদ দখল কৰা, সেয়া ইতিমধ্যেই স্পষ্ট হৈছে৷ ১৯৩৬ চনত নিৰ্মাণ শেষ হোৱা আমেৰিকাৰ হোভাৰ বৃহৎ নদীবান্ধেই হওক কিম্বা ১৯৬০ বৰ্ষত আৰম্ভ হোৱা ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ চিহ্নস্বৰূপ ভাক্ৰা বৃহৎ নদীবান্ধ আঁচনিয়েই হওক বনধ্বংস, জলজ সম্পদ ধ্বংস, ভূঁইকঁপৰ কাৰক হিচাপে এইবোৰ প্ৰতিনিয়ত চিহ্নিত হৈ আহিছে৷ নদীৰ অকাল মৃত্যু মাতি অনাৰ সমান্তৰালভাৱে এই বৃহৎ নদীবান্ধবোৰে বিশেষকৈ নৈপৰীয়া সভ্যতা নিঃচিহ্ন কৰা তথা হাজাৰ হাজাৰ লোকৰ জীৱনলৈয়ো অকালতে অন্ধকাৰ নমাই আনিছে৷ পৰিতাপৰ কথাটো হ’ল, তথাকথিত উন্নয়নৰ দোহাই দি পৰিৱেশ ধ্বংসকাৰী তথা জীৱকুল নিঃশেষ কৰাৰ কামটো কৰে স্বয়ং ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনে৷ শেহতীয়াকৈ পুঁজিপতিৰ স্বাৰ্থত নিৰ্মিত নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ, পূবৰ উশাহস্বৰূপ দিহিং-পাটকাই বনাঞ্চল ধ্বংস কৰি অবৈধভাৱে ক’লা হীৰাৰ খনন, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত অবৈধভাৱে তৈল খনন, দিবাং ভেলীৰ প্ৰায় তিনি লাখ জোপা গছ কাটি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে অনুমোদন আদিয়ে কি সূচায়? পৰিৱেশ ধ্বংস কৰিবলৈ কুণ্ঠাবোধ নকৰা অথবা সাধাৰণ জনতাক ‘ডিচপ’জিবল মেন’ হিচাপে ব্যৱহাৰ কৰা পুঁজিপতিৰ আঙুলিৰ ঠাঁৰত নচা চৰকাৰী যন্ত্ৰটোৱে ইমানৰ পাছতো বাৰু ‘পৰিৱেশ দিৱস’ পতা উচিত নে?
উন্নয়নশীল ভাৰতবৰ্ষৰ ক্ৰমবৰ্ধিত উদ্যোগীকৰণ আৰু বনাঞ্চলৰ সংৰক্ষণ তথা সন্তুলন ৰক্ষাৰ হেতুু মহামান্য আদালতে ২০০২ চনত নেট প্ৰেজেণ্ট ভেল্যু (NPV) নামাকৰণৰে উদ্যোগীকৰণৰ বাবে কোনো বনাঞ্চল যদি অপসাৰণৰ কৰিবলগীয়া হয় তাৰ বিনিময়ত ভৰিবলগীয়া মূল্য নিৰূপণ কৰে৷ সেইমতে, বনাঞ্চল ধ্বংসৰ বিনিময়ত আহৰণ কৰা পুুঁজিৰে কেৱল বননীকৰণৰ বাবেহে ব্যৱহাৰ কৰাৰ বাবেও নিৰ্দেশ দিয়া হয়৷ কিন্তু, চৰকাৰী পৃষ্ঠপোষকতাতে বনাঞ্চল ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা চলি থকাৰ পাছতো নিয়মমাফিক বনানীকৰণৰ বাহিৰে কাৰ্যতঃ একো হোৱাগৈ নাই৷ অতি সংবেদনশীল বিষয়টো হ’ল, পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা আৰু বনাঞ্চলৰ কাষৰীয়া এলেকাত বসতি স্থাপন কৰা লোকৰ জীৱন আৰু জীৱিকা নিৰ্বাহ৷ কিন্তু, জনজাতি বন আইনক অংগুষ্ঠ প্ৰদৰ্শনৰে থলুৱা লোকক উচ্ছেদ কৰি বৃহৎ পুঁজিপতিৰ বাবে বনাঞ্চল মুকলি কৰে চৰকাৰী পক্ষই৷ আমি যদি লক্ষ্য কৰো তেন্তে দেখা পাম যে কাজিৰঙাত ধৰা পৰা গঁড় চিকাৰীৰ ঘৰবোৰ সাধাৰণভাৱেহে চলি থাকে৷ সমান্তৰালভাৱে বনাঞ্চলৰ কাঠ চুৰি কৰি ধৰা পৰা ‘চোৰ’ৰ বাসগৃহত বহিবলৈ চকী এখনো নাথাকে৷ আনহাতে, গঁড় চিকাৰীয়েই হওক অথবা গছ কটাজনহে ধৰা পৰে৷ কিন্তু, ইয়াৰ অন্তৰালৰ মূল উৎসটো কেতিয়াও ধৰা নপৰে৷ ৰাষ্ট্ৰৰ আশীষতে এই অদৃশ্য হাতলৈ যোৱা শিকলিডাল আধাতে নাইকিয়া হয়৷ এনে প্ৰেক্ষাপটত সাধাৰণ জনতাই সঁচা অৰ্থত একত্ৰিত হ’ব লাগিব৷ ৰাষ্ট্ৰৰ অপকৰ্মৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰূপ ল’ব লাগিব৷ বনাঞ্চলত বসবাস কৰা জনজাতীয় লোকক বনভূমি ৰক্ষাৰ সঁচা অৰ্থত দায়িত্ব অৰ্পণ কৰিব লাগিব৷ কৃষক-শ্ৰমিক সকলে পুঁজিপতিক লুটিবলৈ সুযোগ নিদি প্ৰকৃতি সুৰক্ষাৰ জৰিয়তেহে দেশ-জাতি ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হ’ব লাগিব৷ প্ৰকৃতি সুৰক্ষিত কৰিবলৈ প্ৰকৃতি ধ্বংসকাৰীৰ পৰা চান্দা-বৰঙণি লোৱাৰ বিপৰীতে ৰাইজ সঁচা অৰ্থত আগবাঢ়ি আহিব লাগিব৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি প্ৰকৃতি ৰক্ষা কৰাৰ চিন্তা (?) কৰাসকলৰ কথাত উঠ-বহ নকৰি প্ৰকৃত প্ৰকৃতিপ্ৰেমী বাছি উলিয়াব লাগিব৷ তদুপৰি, প্ৰকৃতি সুৰক্ষাৰ বাবে কেৱল মাত্ৰ এটা নিৰ্দিষ্ট দিন লোৱাৰ পৰিৱৰ্তে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত মুকলিকৈ ওলাই আহিলেহে সঁচাকৈয়ে পৰিৱেশ সুৰক্ষিত হ’ব৷

দূৰভাষঃ ৯১০১৩০২৩৩১

Leave a Reply

Your email address will not be published. Required fields are marked *