আপকুৰ “শ্বহীদ সাংবাদিক পৱিত্ৰ নাৰায়ণ সোঁৱৰণি বঁটা ২০২৩” কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভবানন্দ কলিতালৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ ডিচেম্বৰ: আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু) য়ে এইবৰ্ষৰ “ছহিদ সাংবাদিক পবিত্র নাৰায়ণ সোঁৱৰণি বটা ২০২৩” বাবে নিৰ্বাচিত কৰিছে কাজিৰঙা লাইভৰ মুখ্য সম্পাদক তথা আপকু গোলাঘাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি, আপকু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক, আপকু গোলাঘাট জিলা সমিতিৰ উপদেষ্টা, জিলাখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক সন্মানীয় শ্ৰীযুত ভবানন্দ কলিতাদেৱলৈ। চলিত বৰ্ষৰ ১০ ডিচেম্বৰত গহপুৰত আয়োজিত আপকুৰ ষষ্ঠদশ মধ্যকালীন অধিবেশনৰ মুকলি সভাত আনুষ্ঠানিকভাবে প্ৰদান কৰিব এই বটা ৷সমাজৰ প্ৰতি দায়বদ্ধ কলিতাদেৱে ইয়াৰ পূৰ্বেও বহুকেইটা বঁটাৰে সন্মানিত হৈছে ৷ইয়াৰ ভিতৰত কমাৰগাও আঞ্চলিক সাংবাদিক সন্থাই ২০২১চনত আগবঢ়োৱা “মুক্তিযুদ্ধা ডুম্বি কামান সোঁৱৰণি গোলাঘাট জিলা শ্ৰেষ্ঠ সাংবাদিক বটা”, যোৰহাটৰ দিকদৰ্শন গোষ্ঠীৰ দ্বাৰা “সংবাদ প্ৰহৰী” বঁটাৰ উপৰিও অসম চৰকাৰে প্ৰদান কৰা “লেখক বটা” উল্লেখযোগ্য।

কাজিৰঙা লাইভ পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধাৰ ভবানন্দ কলিতা দেৱলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ লগতে সু-স্বাস্থ্য কামনা কৰিলোঁ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *