কাজিৰঙাত অসম পৰ্যটন বিভাগৰ গভীৰ ষড়যন্ত্ৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা অসম পৰ্যটনৰ

মনোজ প্ৰতিম শইকীয়া,কাজিৰঙা,১৫ছেপ্তেম্বৰ:
কাজিৰঙাত অসম পৰ্যটন নিগমৰ গভীৰ ষড়যন্ত্ৰ ৷ কাজিৰঙাৰ ৰাইজক সুবিধা দিয়াৰ বিপৰীতে বৃহৎ অংকত মিলিত বহিৰাগত বণিক গোষ্ঠীৰ লগত ৷অসম পৰ্যটন নিগমৰ কাজিৰঙাস্থিত মুঠ ছটা পৰ্যটন নিৱাসৰ নিবিদা গ্ৰহণ কৰি ব্যক্তিগত খণ্ডক দিয়াৰ ব্যৱস্থা কৰিছে পৰ্যটন বিভাগে ৷ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ কাষত হবলগীয়া সকলো ধৰণৰ পৰ্যটনত কেৱল মাত্ৰ কাজিৰঙাৰ দাতিকাষৰীয়া ৰাইজক অগ্ৰাধিকাৰ দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰি থোৱাৰ পাছতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি অসম পৰ্যটন নিগমৰ কেইগৰাকীমান বিষয়াকে ধৰি চৰকাৰৰ একাংশ বৰমূৰীয়াই ব্যক্তিগত স্বাৰ্থৰ বাবে কোটিপটি ব্যৱসায়ীৰ সৈতে মিলিত হৈ এক বৃহৎ চক্ৰান্তৰে পৰ্যটন নিৱাস সমুহ বহিৰাগত বণিক গোষ্ঠীৰ হাতত অৰ্পণ কৰিবলৈ উলাইছে ৷ উল্লেখ্য যে ২০১১ চনত উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ ভিত্তিত ১৯ আগষ্ট,২০১২ তাৰিখে এক নিৰ্দেশ জাৰি কৰিছিল ৷ টাইগাৰ কনজাৰভেচন অথৰিটিয়ে “গাইডলাইনছ ফৰ টুৰিজিম ইন এন এৰাউণ্ড টাইগাৰ ৰিজাৰ্ভ” নামৰ আইনখন গৃহিত কৰিছিল ৷ এই নিৰ্দেশনা ভাৰতৰ প্ৰত্যেকখন টাইগাৰ ৰিজাৰ্ভত বাহাল ৰাখিব লাগিব ৷ উচ্চতম ন্যায়ালয়ে দিয়া এই নিৰ্দেশ প্ৰতিখন টাইগাৰ ৰিজাৰ্ভে পালন কৰিবই লাগিব ৷ সেই গাইডলাইনত স্পষ্ট ৰুপত লিপিবদ্ধ আছে যে টাইগাৰ ৰিজাৰ্ভৰ কাষত যি পৰ্যটন হব সেইয়া কেৱল স্থানীয় ৰাইজৰ সহযোগিতা তথা স্থানীয় ৰাইজৰ জীৱিকাৰ বাবে পথ প্ৰশস্থ হোৱাকৈ হব লাগিব ৷ কিন্তু এই নিৰ্দেশৰ বিপৰীতে অসম পৰ্যটন নিগমে কাজিৰঙাত এক বৃহৎ ষড়যন্ত্ৰ ৰচিছে ৷ যাক লৈ জাঙোৰ খাই উঠিছে কাজিৰঙাৰ সচেতন মহল ৷ ত্ৰিছ বছৰীয়া নিবিদাৰ তালিকাত উল্লেখ আছে দুটা ক্লাষ্টাৰ, এটা কাজিৰঙা ক্লাষ্টাৰ আনটো কাজিৰঙা- তেজপুৰ ক্লাষ্টাৰ ৷ কাজিৰঙা-তেজপুৰ ক্লাষ্টাৰত অন্তভুক্ত আছে অসম পৰ্যটনৰ জুপুৰি ঘৰ,অগৰাতলি টুৰিজিম কমপ্লেক্স,ৱেছাইড ৰাইন’ৰিকা আৰু প্ৰশান্তি টুৰিষ্ট ল’জ, তেজপুৰ ৷ এই চাৰিটাৰ বাবদ এটা মাহত ভাৰা চাৰি লাখ,চিকৰ্টি চাৰি লাখ , আৰু বিনিয়োগ কৰিব লাগিব মুঠ বাৰ কোটি টকা ৷ ইয়াত কাজিৰঙাৰ তিনিটা পৰ্যটন নিৱাসৰ লগত তেজপুৰৰ এটা পৰ্যটন নিৱাস সংলগ্ন কৰাত অসম পৰ্যটনে কৰা ষড়যন্ত্ৰ প্ৰমাণ হৈছে বুলি মন্তব্য কৰে কাজিৰঙাৰ সচেতন মহলে ৷ ঠিক তেনেদৰে কাজিৰঙা ক্লাষ্টাৰত আছে প্ৰশান্তি কটেজ,বনশ্ৰী আৰু কুঞ্জবন ৷ এই তিনিটাৰ বাবে এটা মাহত ভাৰা ধাৰ্য্য কৰিছে তিনি লাখ টকা,চিকৰ্টি তিনি লাখ টকা আৰু বিনিয়োগ আঠ কোটি টকা ৷ আঠ কোটি অথৱা বাৰ কোটি টকা বিনিয়োগ কৰিলেহে এজন ব্যক্তিয়ে এই নিবিদাত অংশগ্ৰহণ কৰিব পাৰিব ৷ বাৰ কোটি বা আঠ কোটি টকা বিনিয়োগ কৰি এই নিবিদাত অংশ লৱ পৰা ব্যক্তি কাজিৰঙাত নাই বাবেই অসম পৰ্যটনৰ এই বৃহৎ ষড়যন্ত্ৰ ৷ কাজিৰঙাত এনে ধৰণৰ কিছুমান নাভূত নাশ্ৰুত চৰ্ত আৰোপ কৰি এই নিবিদাৰ জৰিয়তে কাজিৰঙাৰ দাতিকাষৰীয়া ৰাইজক সম্পুৰ্ণভাৱে নৎসাত কৰি বহিৰাগত বণিক গোষ্ঠীক এই সম্পদসমুহ গটাই দিবলৈ উলাইছে অসম পৰ্যটন নিগমে৷ কাজিৰঙা ফাউণ্ডেচন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মতে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অজুহাত লৈ কাজিৰঙাবাসীক বহু সুবিধাৰ পৰা বঞ্চিত কৰা হল ৷ কাজিৰঙাবাসীক টাইগাৰ ৰিজাৰ্ভৰ কুফলসমুহ দিয়াৰ বিপৰীতে সুফলসমুহ দিয়াৰ বাবে নিমাত বন বিভাগ ৷ কাজিৰঙা ফাউণ্ডেচনৰ হুংকাৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যদিহে থলুৱা খিলঞ্জীয়া লোকক সুবিধাসমুহ অৰ্পণ নকৰে তেন্তে ইয়াত বহিৰাগত বণিক গোষ্ঠীয়ে এখনো পৰ্যটন নিৱাস চলাব নোৱাৰিব ৷ অসম পৰ্যটন নিগমে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে আৰু ইয়াত এক গভীৰ ষড়যন্ত্ৰ আৰু ব্যাপক বিত্তীয় লেনদেনৰ আশংকা প্ৰকাশ কৰিছে কাজিৰঙা ফাউণ্ডেচনে ৷ ইফালে আন একাংশ সচেতন মহলৰ মন্তব্য যে নিবিদাত অংশগ্ৰহণ কৰা কোটিপটী বহিৰাগত ব্যৱসায়ীসকলৰ বিপৰীতে এখন এখনকৈ কাজিৰঙাৰ যুৱকসকলৰ মাজত প্ৰয়োজন হলে একোটাকৈ আত্মসহায়ক গোট খুলি পৰ্যটন নিৱাসসমুহ অৰ্পণ কৰক অসম চৰকাৰে ৷ ইয়াৰ ফলত কাজিৰঙাৰ তথা কাজিৰঙাৰ যুৱ প্ৰজন্মৰ বাবেও লাভদায়ক হৈ ৰৱ ৷ আনহাতে কাজিৰঙাবাসী ৰাইজৰ আহ্বান যে কাজিৰঙাত ফুৰিবলৈ আহক ভৰিও ধুৱাই দিম, যদি কাজিৰঙাক লুটিবলৈ আহিব ভৰি ভাঙি দিম ৷

Leave a Reply

Your email address will not be published. Required fields are marked *