বগা হাতীত পৰিণত কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ বেংকিং সেৱা।

কাজিৰঙা, ১৬ ছেপ্টেম্বৰ: মোদী চৰকাৰৰ বিমুদ্ৰাকৰণ নীতি বলৱৎ কৰা সময়তে অসম চৰকাৰে অসমৰ চাহবাগিচা সমূহত ATM স্থাপনৰ বাবে ৰাষ্ট্ৰীয় কৃত বেংক সমূহক নিৰ্দেশনা জাৰি কৰিছিল ৷ যাতে চাহ শ্ৰমিক সকলে নিজৰ পাৰিশ্ৰমিকৰ ধন বেংক যোগে লেন দেন কৰিব পাৰে ৷ কিন্তু কাজিৰঙাত প্ৰসহনত পৰিণত হ’ল চাহ শ্ৰমিক সকলৰ পাৰিশ্ৰমিকৰ ধন বেংক যোগে বাগিচা এলেকাতে প্ৰাপ্তিৰ ব্যৱস্থা কৰি দিয়াৰ চৰকাৰৰ ঘোষনা ৷ উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশনাৰ পাছতে কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত এচ বি আই য়ে স্থাপন কৰিলে এটা ATM ৷পিছে ATM স্থাপন কৰাতে সীমাবদ্ধ থাকিল চৰকাৰৰ নিৰ্দেশ ৷ কাৰণ চাহশ্ৰমিক সকলৰ হাতত ATM কাৰ্ড পৰাৰ ব্যৱস্থাই নকৰিলে বেংক তথা চাহবাগিচা কৰ্তৃপক্ষই৷ যাৰবাবে প্ৰতি সপ্তাহৰ শেষৰ দিনা পাৰিশ্ৰমিকৰ ধন নগদ লোৱাৰ ব্যৱস্থা অব্যাহত থাকিল ৷ আনহাতে বাগিচা খনত স্থাপন কৰা ATM টোও অচল হৈ থকাৰ অভিযোগ উথ্থাপন কৰিছে আটছাৰ কাজিৰঙা আঞ্চলিক শাখাই ৷ এই অভিযোগ উথ্থাপন কৰি আটচাৰ কাজিৰঙা শাখাই সোনকালে চাহ শ্ৰমিক সকলক ATM কাৰ্ড প্ৰদান কৰাৰ লগতে বাগিচাত থকা ATM টো কাৰ্যক্ষম কৰাৰ দাবী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *