বোকাখাতৰ নাহৰজান চাহ বাগিছাত লাইন্স ক্লাৱৰ চকু চিকিৎসা শিবিৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ মে’: লাইন্স ক্লাৱ যোৰহাট আৰু কাজিৰঙা শাখাৰ উদ্যোগত বোকাখাতৰ নাহৰজান চাহ বাগিছাত এক বৃহৎ বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়।
নাহৰজান চাহ বাগিছাৰ সঞ্চালক অনিল আগৰৱাল আৰু পৰিচালক পিংকু নেওঁগৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত স্বাস্থ্য শিবিৰত ৭৪ গৰাকী চাহ শ্ৰমিকৰ চকু পৰীক্ষা সম্পন্ন কৰা হয়।
ইয়াৰে ১৮ গৰাকী শ্ৰমিকক চকু অস্ত্ৰোপ্ৰচাৰৰ বাবে যোৰহাট লৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত লাইন্স ক্লাৱৰ উদ্যোগত আৰু অধিক ৰোগীক সামৰি লোৱা হব বুলি জানিবলৈ দিয়ে পৰিচালক পিংকু নেওগে।
উক্ত স্বাস্থ্য শিবিৰত দুগৰাকী অভিজ্ঞ চকু চিকিৎসকে ৰোগীৰ পৰীক্ষা সম্পন্ন কৰে।
উল্লেখ যোগ্য যে বাগিছা কতৃপক্ষৰ লগতে স্থানীয় ৰাইজে লাইন্স ক্লাৱ ক পূৰ্ণ সহযোগিতা আগবঢ়াই। চকু পৰীক্ষা শিবিৰটোত উপস্থিত থাকে পূৰ্বৰ সঞ্চালক ৰাজেশ সিংহানীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed