বোকাখাতত মাতাল পুত্ৰই কামুৰি আহত কৰিলে বৃদ্ধ পিতৃক।

বোকাখাত, ১৫ ছেপ্টেম্বৰ: সুৰাৰ ৰাগিত মাতালহৈ পুত্ৰই কামুৰি অাহত কৰিলে বৃদ্ধ পিতৃক। আহত বৃদ্ধ জন বোকাখাত মহকুমাৰ কুৰুৱাবাহী পৰঙনীয়াৰ ৰামেশ্বৰ কলিতা। । ১৯৬২ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যোগদান কৰা কলিতাই বৰ্তমানলৈকে দলৰ হৈ সেৱা আগবঢ়াই আহিছিল। শনিবাৰে নিশা পুত্ৰ দিবাকৰ ওৰফে চিং কলিতাই মদৰ ৰাগিত মাতাল হৈ বৃদ্ধ পিতৃৰ লগত কাজিয়াত লিপ্ত হয়। নিজ পিতৃক মদাহী পুত্ৰ দিবাকৰে লাঠিৰে মাৰ-পিত কৰাৰ উপৰিও বৃদ্ধ পিতৃৰ শৰীৰৰ বিভিন্ন অংশত কামুৰি জখম কৰে। স্থানীয় গাওঁৰক্ষী বাহিনী আৰু ৰাইজে মাতাল পুত্ৰৰ হাতৰ পৰা বৃদ্ধ পিতৃক উদ্ধাৰ কৰি বোকাখাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মদাহী দিবাকৰক আটক কৰাৰ লগতে আহত ৰামেশ্বৰ কলিতাক বোকাখাতৰ ছহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহন কৰে। দিন-ৰাতি মদৰ ৰাগিত মাতাল হৈ থকা দিবাকৰ কলিতাই সদায়ে এনে ধৰণৰ অত্যাচাৰ কৰে বুলি পিতৃয়ে জানিবলে দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *