কাজিৰঙাত পৰ্যটকৰ দেহত ক’ৰণা অৱস্থিতি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ এপ্ৰিল: কাজিৰঙালৈ আগমণ ঘটা তিনি পৰ্যটকৰ শৰীৰত ক’ৰণা। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া কাজিৰঙাত৷ বিগত বৰ্ষত কৰ’ণা মহামাৰীয়ে কাজিৰঙা পৰ্যটন উদ্যোগটো তচনচ কৰাৰ পাছত শেহতীয়াকৈ কিছু সুস্থিৰ পৰিৱেশ ঘূৰি আহিছিল যদিও পুনৰ এতিয়া আশংকাত ভুগিছে পৰ্যটন ব্যৱসায়ী সকলৰ লগতে কাজিৰঙা বাসী। আজি পুনৰ কাজিৰঙাৰ কহঁৰাত অৱস্থিত ব্যক্তিগত ফ্ল’ৰিকান পৰ্যটন নিবাসত বাহৰ পাতি থকা ছজনীয়া পৰ্যটকৰ দল এটাৰ মহিলাসহ তিনি গৰাকীৰ দেহত ক’ভিড ৰোগৰ বীজাণু ধৰা পৰে৷ অৱশ্যে পৰ্যটক কেইগৰাকীৰ দেহত ক’ভিড ৰোগৰ বীজাণু ধৰা পৰাৰ পিছতেই পৰ্যটন নিবাসৰ গৰাকীয়ে পৰ্যটন নিবাসটি বন্ধ কৰি দিয়ে৷ স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে উক্ত পৰ্যটন নিবাসত বাহৰ পাতি থকা ছজনীয়া পৰ্যটকৰ দলটোক আজি নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত কভিড পৰীক্ষা কৰোৱাত হায়দৰাবাদ নিবাসী প্ৰদীপ কুমাৰ (২৮), বি অনুশা (২৬) আৰু সুজাতা দেবী (২৩) ৰ দেহত কভিড ৰোগৰ বীজাণু ধৰা পৰে৷ বৰ্তমান কভিড ৰোগত আক্ৰান্ত তিনি পৰ্যটক উক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ আমাৰ হাতত পৰা তথ্য মতে, যোৱা নিশা অৰুণাচলৰ পৰা কাজিৰঙাৰ ফ্ল’ৰিকান পৰ্যটন নিৱাসত উপস্থিত হোৱা দলটো আজি পুৱা কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে নুমলীগড় ৰিফেইনেৰীলৈ যায় আৰু তাতেই ক’ভিড পৰীক্ষা কৰে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটক কভিড ৰোগত আক্ৰান্ত হোৱাৰ পিছতো বোকাখাত মহকুমা প্ৰশাসনে মৌনতা অৱলম্বন কৰিছে। অভিযোগ অনুসৰি, তিনিগৰাকীকৈ পৰ্যটক কভিড ৰোগত আক্ৰান্ত হোৱা উক্ত পৰ্যটন নিবাসৰ গৰাকীয়ে পালন কৰিবলগা কভিড প্ৰটকলৰ বিষয়ে বোকাখাত মহকুমা প্ৰশাসনে কোনো নিৰ্দেশনা জাৰি কৰা নাই বা এবাৰ খবৰো লোৱা নাই৷ প্ৰশাসনৰ তৰফৰ পৰা কভিড প্ৰটকলৰ কোনো কথা অবগত কৰা নাই যদিও কাজিৰঙাৰ কহঁৰাত অৱস্থিত ফ্ল’ৰিকান পৰ্যটন নিবাসৰ গৰাকীয়ে নিজা ব্যৱস্থাৰে আজিৰে পৰা নিজৰ পৰ্যটন নিবাস বন্ধ কৰাৰ সমান্তৰালভাৱে আগন্তুক কেইবাদিনৰ বুকিং বাতিল কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *