সহায় বিচাৰি এটি দুৰ্ভগীয়া পৰিয়ালৰ প্ৰাৰ্থনা

কাজিৰঙা লাইভ, বোকাখাত,৭ এপ্ৰিল : বোকাখাতৰ লখৌজানৰ নিবাসী শ্ৰী দীপক গগৈ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।দুটি ল’ৰাৰ সৈতে সৰু পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দীপক গগৈ । এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি থকা দীপক গগৈয়ে দুৰাৰোগ্য অসুখটোৰ বাবে সেই চাকৰিৰ পৰাও অব্যাহতি ল’ব লগা হৈছে। দীপক গগৈৰ চিকিৎসাত এপদ-এপদকৈ নিজৰ সৰ্বস্ব হেৰুওৱা পৰিয়ালটোৱে বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ পৰিয়ালটোৰ হাতত যি কেইটকা জমা আছিল সেইকেইটকাৰ লগতে আৰ-তাৰ পৰা ঋণলৈ লোৱা টকাও দীপক গগৈৰ চিকিৎসাতে শেষহৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালটো ৷ দীপক গগৈৰ পত্নী আৰতি গগৈয়ে গণস্তম্ভৰ এই সাংবাদিকক জানিবলৈ দিয়া মতে দীপক গগৈৰ অৱস্থা দিনক দিনে অতিকে সংকটজনক অৱস্থালৈ গতি কৰিছে ৷ আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অক্ষম পৰিয়ালটোৱে চকুৰ সন্মুখত মৃত্যুৰ ক্ষণ গণি ৰোৱা দীপক গগৈক চাই চাই চকুলো টুকি ৰোৱাৰ বাদে কৰিবলৈ আন একো ৰাস্তাই বিচাৰি পোৱা নাই ৷ সৰ্বহাৰা এই পৰিয়ালটোৱে জীৱনৰ এনে জটিল সময়ত বিচাৰিছে আপোনালোকৰ এধানিমান সহায়ৰ হাত ৷ দীপক গগৈৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক অনুদান বিচাৰি সকলোৰে ওচৰত কৰযোৰে প্ৰাৰ্থনা কৰি পৰিয়ালটোৱে মানুহজনক আৰু কেইদিন মান সুস্থ ভাৱে জীয়াই ৰাখিবলৈ ,পৰিয়ালটোৰ মুখত আকৌ হাঁহি বিৰিঙাবলৈ প্ৰাৰ্থনা জনাইছে ৷ এই দুঃসময়ত কৰা সহায় ৰ বাবে চিৰ জীৱন সকলোৰে ওচৰত কৃতজ্ঞ হৈ থাকিব বুলি উচুপি উঠা দীপক গগৈৰ পত্নী তথা দুৰ্ভগীয়া পৰিয়ালটিক ৮০১১৬৭২৯১১ নম্বৰত যোগাযোগ কৰিব অথবা A/C No — 37100416081
IFSC : SBIN0010307 নম্বৰৰ বেংক একাউণ্টত এধানি সহায়ৰ হাত আগবঢ়াব পাৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *