বােকাখাতত শান্তিপূর্ণভাবে বিধানসভা নির্বাচনৰ ভােটগ্রহণ সম্পন্ন । সর্বমুঠ ১১৯৩৪২ (৮০. ৯২%)ভােটদান

কাজিৰঙা লাইভ, বােকাখাত, ২৮ মার্চঃ ৯৩ নং-বােকাখাত বিধান সভা সমষ্টিৰ ২১৬ টা ভােট গ্রহণ কেন্দ্রত প্রথম পৰ্যায়ৰ নিবার্চনৰ ভােটদান শান্তিপূর্ণভাৱে সমাপন হয়। বােকাখাত মহকুমা প্রশাসন তথা আৰক্ষীৰ সবল প্রচেষ্টাত মহকুমাটোৰ অন্তর্গত ২১৬ টা ভােটগ্রহণ কেন্দ্রত কোনাে ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নােহােৱাকৈ ভােটাৰ ৰাইজে নিজৰ নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰে। বােকাখাতত সৰ্বমুঠ ১,৪৭,৪৮৭ গৰাকী ভােটাৰৰ ১১৯৩৪২ গৰাকী ভােটাৰে নিজ ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ৫৮৭০৩ গৰাকী মহিলা ভােটাৰ হােৱাৰ বিপৰীতে পুৰুষ ভােটাৰ আছিল ৬০৬৩৯ গৰাকী। বােকাখাত নিৰ্বাচনী জিলাত ১৮৪ নং গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয় (বাওঁফাল )ভােটগ্রহণ কেন্দ্রত সর্বাধিক ৯৯.৭০ % আৰু ১১৪ নং দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয় (বাওঁফাল) ভোটগ্ৰহণ কেন্দ্রত সর্বনিম্ন ৬২.২৯% ভােটদান হয়।৮০ বছৰ উৰ্ধৰ ৭৮১ গৰাকী আৰু ১২৫ গৰাকী বিশেষভাবে সক্ষম ভোটাৰে ডাক বেলটযোগে ভোটদান কৰে। বােকাখাতৰ জিলা নির্বাচনী বিষয়া তথা মহকুমাধিপতি বিপুল দাসে শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰাত সংশ্লিষ্ট সকলাে পক্ষকে কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *