বোকাখাতত অতুল বৰাৰ উদ্বাৰ অভিযানত দেশৰ প্ৰধানমন্ত্ৰী

মহুৰা পাথৰৰ পৰা পৱন কামান, কাজিৰঙা লাইভ, ২২ মাৰ্চ: বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মহুৰা পথাৰ আজি পৰিণত হয় জনসমুদ্ৰত৷দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি উপস্থিত হয় মহুৰামুখৰ ঐতিহাসিক মহুৰা পথাৰত৷আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা সভা সভাখন আতঁ ধৰে গোলাঘাট জিলা ভাৰতীয় জনতা দলৰ সভাপতি দেৱপ্ৰদীপ বৰাই৷সভাৰ আদৰণি ভাষণ আগবঢ়াই অসম ৰাজ্যিক জনতা দলৰ সভাপতি ৰঞ্জিত দাসে৷সভাত সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই,সৰুপথাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিত ফুকন,খুমটাই সমষ্টিৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃনাল শইকীয়া,দেৰগাওঁ সমষ্টিৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেন ভৰালী,অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত,৯৩ নং বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ভাষণ আগবঢ়ায়৷ভাষণ প্ৰসঙ্গত বোকখাতৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই কয়,“দীৰ্ঘদিনয়া কংগ্ৰেছৰ শাসন কালত কংগ্ৰেছ চৰকাৰে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰাৰ পথ সুগম কৰিলে৷আমাক এতিয়া কংগ্ৰেছে সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷এতিয়া কংগ্ৰেছে এ আই ইউ দি এফক বিয়া কৰাইছে৷কিন্তু এই বিবাহক স্বীকৃতি দিয়া নাই ৰাইজে সেয়ে কংগ্ৰেছে উজনি অসমলৈ আনিব পৰা নাই বদৰ উদ্দিন আজমলক৷”তেওঁৰ পিছতে ষ্টাৰ কেম্পেনাৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামুদৰ দেৱ মোদীয়ে সভাত উপস্থিত থকা ৰাইজক ভঙা ভঙা অসমীয়া ভাষাত অভিৱাদন জনাই ভাষণ আৰম্ভ কৰে৷সভাত উপস্থিত থকা ৫৯ হাজাৰোধিক ৰাইজক সম্বোধন কৰি মুদীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত অসমক লুটি লোৱাৰ পৰা কিদৰে ৰক্ষা কৰা হয় তাৰ চিন্তাই অধীৰ কৰিছিল অসমৰ ৰাইজক। তদুপৰি কংগ্ৰেছৰ পোহনীয়া চোৰাংচিকাৰীৰ হাতত নিধন হৈছিল অসমৰ জাতীয় সম্পদ এশিঙীয়া গঁড়। কিন্তু তাৰ বিপৰীতে কেন্দ্ৰত থকা বৰ্তমান চৰকাৰৰ আমোলত এতিয়া অসমলৈ শান্তি আহিছে। সংৰক্ষণ হৈছে এশিঙীয়া গঁড় আৰু প্ৰাধান্য পাইছে কাজিৰঙাই। অসমৰ প্ৰতিটো উৎসৱ এতিয়া ভাৰতবাসীৰ গৌৰৱ। চাওলং চুকাফাৰ পৰা আৰম্ভ কৰি সতী সাধনী, আইদেউ সন্দিকৈ,মোহিনী ৰাজকুমাৰী, শ্বহীদ বেজা বাউৰীকে আদি কৰি অসম গৌৰৱ সকলৰ নাম স্মৰণ কৰি গোলাঘাট জিলাক অসমীয়া সংস্কৃতিৰ বাহক বুলি আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে। লগতে মোডিয়ে কয় যে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ সংযোগ কৰি নিৰ্মাণ হোৱা দলংকেইখন এন ডি এ চৰকাৰৰে অন্যতম কৃতিত্ব। বিশেষকৈ অনাগত দিনত গহপুৰৰ পৰা নুমলীগড় সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ পানীৰ তলেৰে নিৰ্মাণ হ’ব লগীয়া সুৰংগৰ পৰিকল্পনাৰ প্ৰসংগও উল্লেখ কৰে সভাত। অসমৰ বীৰ লাচিতৰ নামত নেচনেল ডিফেঞ্চ একাডেমিয়ে বীৰত্বৰ স্বীকৃতি হিচাপে সোণৰ পদক দিয়াৰ ব্যৱস্থাও এন ডি এ চৰকাৰৰ দিনতে প্ৰবৰ্তন কৰা হৈছে। অসমৰ ভূমি পট্টা দিয়াৰ লগতে চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কাম কৰিছে এন ডি এ চৰকাৰে। বাঁহ-বেতকে আদি কৰি অসমৰ প্ৰাকৃতিক সম্পদ সমূহক ভিত্তি কৰি চলা উদ্যোগ সমূহৰ বিকাশৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰীয়ে। লগতে কংগ্ৰেছক তীৰ্যক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোডিয়ে কংগ্ৰেছ মানেই মিছা ঘোষণা, প্ৰতিশ্ৰুতিৰ গ্যেৰাণ্টি বুলি আখ্যা দি কয় যে কেৱল গাদী দখলেই হ’ল কংগ্ৰেছৰ মূল লক্ষ্য। সেয়ে কংগ্ৰেছক আৰু এতিয়া দেশত কোনেও ভৰসা নকৰে। বিগত পাঁচ বছৰত উদ্যোগ, আয়ৰ উন্নয়ন ঘটাই অসমৰ বিকাশে বিজেপি নেতৃত্বাধীন চৰকাৰৰ হাতত নতুন গতি লৈছে বুলি উল্লেখ কৰি জনগণক পুনৰবাৰ মিত্ৰজোঁটক চৰকাৰ গঠন কৰাৰ সুযোগ দিবলৈ আহ্বান জনায় মোদীয়ে।ৰাষ্ট্ৰীয় উপ-সভাপতি তথা প্ৰভাৰি গজুন জয় পাণ্ডা,অমিয় কুমাৰ বৰা,দেৰগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুচিলা হাজৰিকা,অসম গণ পৰিষদৰ জিলা সভাপতি জগত কলিতা,ভাৰতীয় জনতা দলৰ প্ৰভাৰি সুভাষ বেৰেলা,ভাৰতীয় জনতা দলৰ ৰাজ্যিক সদস্য অনিমেশ শইকীয়া, ভাৰতীয় জনতা দলৰ অসম প্ৰদেশ সমিতিৰ সদস্য তথা যুৱনেতা আকাশ ফুকন,মিচিংস্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চাহেঙীয়া আদি উপস্থিত থাকে৷উল্লেখ্য যে গোলাঘাটৰ মিত্ৰজোঁটৰ সমৰ্থীত ন-বিজেপি অজন্তা নেওঁগৰ নাম ভাষন প্ৰসংগত কোনো এজন নেতাই উল্লেখ কৰা দেখা নগল৷

Leave a Reply

Your email address will not be published. Required fields are marked *