আগন্তুক বিধানসভা নিবার্চনৰ বাবে বােকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি, বি.এল.অ আৰু অংগনবাড়ী কৰ্মীসকলৰ ক’ভিড সম্পৰ্কীয় প্রশিক্ষণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ মার্চঃ জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় নির্বাচনী আয়ােগে আগন্তুক বিধানসভা নির্বাচনৰ বাবে ক’ভিড সম্পর্কীয় কেতবােৰ নীতি নির্দেশনা প্রণয়ন কৰিছে। বােকাখাত নির্বাচনী জিলাত অহা ২৭ মার্চত হ’বলগীয়া প্রথম পর্যায়ৰ বিধানসভা নির্বাচনৰ ভােটগ্রহণৰ সময়ছােৱাত পালন কবিবলগীয়া ক’ভিড নীতি-নির্দেশনা সম্পর্কে আজি বােকাখাত নাট্যমন্দিৰত বি.এল.অ আৰু আংগনবাড়ী কৰ্মীসকলক প্রশিক্ষণ দিয়া হয়। ক’ভিড নিয়মাৱলী সম্পর্কে প্রশিক্ষণ প্রদান কৰে ডাঃ সমীপজ্যোতি বৰাই। উক্ত প্রশিক্ষণকালত উপস্থিত থাকে বােকাখাতৰ মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া বিপুল দাস, সাধাৰণ পর্যবেক্ষক ভাৰতীয় প্রশাসনিক সেৱা বিষয়া কনৱলপ্রীত ব্রাৰ, বোকাখাত ৰাজহচক্রৰ চক্রবিষয়া(সংলগ্ন) তথা ডাক বেলট কোষৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বগুফতা অঞ্জোম চোহেলী।

Leave a Reply

Your email address will not be published. Required fields are marked *