ম’হপৰা হস্ততাঁত প্ৰশিক্ষণ শিবিৰত আন্তৰ্জাতিক নাৰী দিৱস পালন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ মাৰ্চ: সোমবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙাৰ ম’হপৰা হস্ততাঁত প্ৰশিক্ষণ শিবিৰতো উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰী দিৱস উপলক্ষে ম’হপৰা গাঁৱৰ হস্ততাঁতৰ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষণ শিবিৰত বিভিন্ন কাৰ্যসূচীৰে এই নাৰী দিৱস সফলতাৰে অনুষ্ঠিত কৰে। এই দিৱস উপলক্ষে প্ৰশিক্ষণ শিবিৰৰ মহিলা সকলে স্থানীয় সমাজকৰ্মী তথা বিভিন্ন বাধা নেওচিও যিগৰাকী উদ্যমী মহিলাই এই সুন্দৰ আঁচনি খনৰ সফল ৰূপায়ণত যথেষ্ট অৰিহনা আগবঢ়াই প্ৰশিক্ষণ শিবিৰটো স্থাপন কৰিলে সেইগৰাকী কৰ্তব্যনিষ্ঠ মহিলা ৰীতা তালুকদাৰক সন্মান জনায়। সমান্তৰালভাৱে এই আঁচনিৰ বাবে মাটি দান কৰা শ্ৰীমতী জয়া বৰাকো সন্মান জনোৱা হয়।প্ৰশিক্ষণৰ আটাইতকৈ বয়োজ্যেষ্ঠ মহিলা দুগৰাকী ক্ৰমে কণমাই গগৈ আৰু ৰুক্ষেশ্বৰী গগৈক সন্মান জনোৱা হয়। তাৰোপৰি পৰীক্ষাৰ্থী সংগীতা গগৈ এগৰাকী কৰ্কট ৰোগী হৈয়ো তেখেতৰ কৰ্মস্পৃহা দেখি সকলোৱে তেখেতক ধন্যবাদ তথা আশীৰ্বাদ প্ৰদান কৰে। অনুষ্ঠানটিত ৰীতা তালুকদাৰে নাৰী দিৱসৰ লগতে নাৰী সৱলীকৰণৰ সামগ্ৰিক সকলো দিশকে সামৰি আগবঢ়োৱা বক্তব্যই সকলোৰে মন জয় কৰে। শেষত সকলোৱে একতা তথা নিষ্ঠাৰে নিজৰ নিজৰ কৰ্ম আগবঢ়াই লৈ যোৱাৰ সকল্পৰে নাৰী দিৱসৰ সামৰণি পেলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *