সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানৰ প্ৰস্তুতি।

পঞ্চাশখন পতাকা আৰু পঞ্চাশ গছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হ’ব কাৰ্যসূচী

ঢেকিয়াজুলিৰ পৰা পলিমা চেতিয়া বসুমতাৰী,১৩ জানুৱাৰী : অতি উলহ-মালহেৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানটি শোণিতপুৰ জিলা সমাৰোহ সমিতিৰ সহযোগত অহা ২৭ আৰু ২৮ জানুৱাৰী ( ১২ আৰু ১৩ মাঘ) তাৰিখে তেজপুৰস্থিত পেষ্টৰেল চেণ্টাৰত অনুষ্ঠিত হ’ব ৷ ইতিহাস প্ৰসিদ্ধ সাংস্কৃতিক নগৰী তেজপুৰৰ মাজ মজিয়াত ১৯৭৪ চনৰ ২ নবেম্বৰত পদ্মশ্ৰী ড° শীলা বৰঠাকুৰে প্ৰতিষ্ঠা কৰা অসমৰ সাহিত্য- সংস্কৃতি জগতৰ অন্যতম বৃহৎ মহিলা অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০২৪ বৰ্ষত গৌৰৱোজ্বল সোণালী বৰ্ষত প্ৰবেশ কৰিলে ৷তেজপুৰতেই আৰম্ভ হোৱা অনুষ্ঠানটিৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানটি শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত অতি আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়-ববীয়াসকলে ৷সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ,প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী,শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰূপালী বৰা,সম্পাদিকা বিমলা দেৱী,অভ্যৰ্থনা সমিতি সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ,কাৰ্যকৰী সভানেত্ৰী ৰুমা দেৱী,যুটীয়া সম্পাদিকা মমতা বেগম আৰু কাঞ্চন শইকীয়াই যোৱা ৮ জানুৱাৰীৰ দিনা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰস্থিত স্থায়ী কেন্দ্ৰীয় কাৰ্যালয়ত এখনি সংবাদমেলযোগে সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানটিৰ কাৰ্যসূচী সম্পৰ্কে সংবাদ মাধ্যমত অৱগত কৰে৷
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা অনুষ্ঠানটিৰ আগদিনা অৰ্থাৎ ২৬ জানুৱাৰীৰ দিনা বিয়লি ৪ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰা হ’ব৷ এই শিবিৰ মুকলি কৰিব ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাই৷বিয়লি ৪.৩০ বজাত প্ৰতিনিধি বৰ্গৰ সৈতে কেন্দ্ৰীয় আৰু আদৰণি সমিতিৰ সদস্যা সকলৰ অন্তৰংগ অনুষ্ঠানটিৰ সঞ্চালনা কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শ্ৰীযুতা সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷ আদৰণি ভাষণ প্ৰদান কৰিব অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে ৷সন্ধিয়া ৬ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা গীত-মাতেৰে পৰিবেশিত হ’ব এক সুৰীয়া সাংস্কৃতিক অনুষ্ঠান৷অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত প্ৰজ্বলক হিচাপে উপস্থিত থাকিব স.অ.লে.স.স ৰ উপসভানেত্ৰী দীপালী দত্ত শইকীয়া,স.অ.লে.স.স ৰ
উপসভানেত্ৰী চন্দ্ৰা বৰ্মন, শোণিতপুৰ জিলা লে.স.স ৰ সম্পাদিকা বিমলা দেৱী,মিচন চাৰিআলি লে.স.স ৰ উপদেষ্টা নীভা দাস আৰু বিশিষ্ট লেখিকা পুতলী খাউণ্ড৷উদ্বোধন কৰিব তেজপুৰ বাণ থিয়েটাৰৰ সভাপতি শ্ৰীযুত বংকিম শৰ্মাই ৷

মূল কাৰ্যসূচী অৰ্থাৎ ২৭ জানুৱাৰীৰ দিনা পুৱা ৮.৩০ বজাত উত্তোলন কৰা হ’ব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মূল পতাকা৷ উত্তোলন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মাননীয়া সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰিব শোণিতপুৰ জিলা লেখিকা সমিতিৰ সভানেত্ৰী ৰূপালী বৰাই ৷মূল কাৰ্যসূচী অৰ্থাৎ ২৭ জানুৱাৰীৰ দিনা পুৱা ৮.৩০ বজাত উত্তোলন কৰা হ’ব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মূল পতাকা৷ উত্তোলন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মাননীয়া সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰিব শোণিতপুৰ জিলা লেখিকা সমিতিৰ সভানেত্ৰী ৰূপালী বৰাই ৷মূল পতাকা উত্তোলনৰ সমান্তৰালভাৱে সোণালী জয়ন্তীবৰ্ষ উপলক্ষে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পঞ্চাশখন পতাকাও কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া সকলে উত্তোলন কৰিব ৷ পুৱা ৯ বজাত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ উপলক্ষে পঞ্চাশ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মুখ্য প্ৰজ্বলক দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° স্বাধীনতা মহন্তৰ লগতে প্ৰজ্বলক হিচাপে উপস্থিত থাকিব শ্ৰীযুতা কমলা বৰুৱা,আৰতি বৰা,কনকলতা নেওগ,চালেহা খাতুন,অনু শইকীয়া,ৰাণু হাজৰিকা,গৌৰীপ্ৰভা মহন্ত,কৃপালী গোস্বামীৰ লগতে অন্যান্য বিষয়াববীয়াসকল৷ পুৱা ৯:৩০ বজাত প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীত প্ৰজ্বলক হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী শ্ৰীযুতা নিৰুপমা মিশ্ৰৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পৃষ্ঠপোষক ড° সঞ্জীৱ বৰঠাকুৰৰে অংশগ্ৰহণ কৰাৰ উপৰিও মাল্যৰ্পন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী স্নিগ্ধাৰাণী গগৈয়ে৷৯:৪০ বজাত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনত প্ৰজ্জ্বলক হিচাপে স.অ.লে.স.স ৰ উপদেষ্টা কবিতা ৰাজগুৰুৰ লগতে তৰ্পক হিচাপে স.অ.লে.স.স কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈ,দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য,তেজপুৰ অসমীয়া ক্লাৱৰ সভাপতি অৰুণা দেৱী,স.অ.লে.স.স ৰ প্ৰকাশন সচিব মামনি ভূঞা আৰু স.অ.লে.স.স ৰ উপসভানেত্ৰী ৰেখা ফুকন উপস্থিত থাকিব৷১০:০০ বজাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে ইহলীলা সম্বৰণ কৰা সদস্য সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,মাল্যদান আৰু শ্ৰদ্ধাঞ্জলি ৷ ১০:৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব তৰণ অসম সংঘৰ সভাপতি ড° ভূবনেশ্বৰ চহৰীয়াই৷১০:৪৫ বজাৰ সম্বৰ্দ্ধনা অনুষ্ঠানটি মুকলি কৰিব প্ৰবীন নাট্যকাৰ,অভিনেতা ঐশ্বৰ্য কাকতিয়ে৷পুৱা ১১:০০ বজাৰ “শ্ৰী অৰবিন্দৰ আলোকত কাব্য,সাহিত্য আৰু শিল্পকলাৰ সনাতন প্ৰমূল্য“ শীৰ্ষক বক্তৃতানুষ্ঠানৰ বন্তি প্ৰজ্বলক হিচাপে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিকমল হাজৰিকা আৰু বক্তা হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ সাহিত্য অকাডেমীৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ আহ্বায়ক ড° দিগন্ত বিশ্ব শৰ্মা৷দুপৰীয়া ১২:৩০ বজাৰ আলোচনা চক্ৰত স.অ.লে.স.স ৰ উপদেষ্টা বিমলা গগৈ আৰু স.অ.লে.স.স কোষাধ্যক্ষ অনু দেৱী মহন্তই বন্তি প্ৰজ্বলন আৰু স.অ.লে.স.স ৰ কাৰ্যকৰী সভানেত্ৰী ড° ভাৰতী দত্তই উদ্বোধন কৰাৰ পাছতেই “ঔপনিবেশিক অসমৰ নাৰী-লেখন: স্বৰূপ সন্ধান“ শীৰ্ষক আলোচনা চক্ৰখনিত সঞ্চালনা কৰিব কটন কলেজৰ প্ৰাক্তন অধ্যাপিকা ড° জয়শ্ৰী বৰাই ৷ আলোচক হিচাপে উপস্থিত থাকিব সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক , তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ পল ডেকা ৷,চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতীয়ে আৰু মৰিধল মহাবিদ্যালয়ৰ অধ্যাপিকা ড° কবিতা গগৈয়ে অংশগ্ৰহণ কৰিব “সাম্প্ৰতিক সময়ত মূল্যবোধৰ সংকট আৰু সমাজ আৰু সাহিত্যত ইয়াৰ প্ৰতিফলন“ শীৰ্ষক আলোচনা চক্ৰত৷ দুপৰীয়া ১:৩০ বজাত আহাৰ বিৰতি৷ দুপৰীয়া ২:০০ বজাত “ কুৰি শতিকাৰ অসমীয়া আধুনিক গীত আৰু সাম্প্ৰতিক সময়ৰ আধুনিক গীত“ শীৰ্ষক ন-লেখিকা প্ৰজন্মৰ বক্তৃতানুষ্ঠানৰ বন্তি প্ৰজ্বলক স.অ.লে.স.স ৰ উপসভানেত্ৰী সাবিত্ৰী গগৈ,স.অ.লে.স.স উপসভানেত্ৰী মিনতি শইকীয়া,স.অ.লে.স.স ৰ উপদেষ্টা ৰেণু ফুকন ৷উদ্বোধন কৰিব তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী দীপ্তি দাসে আৰু সঞ্চালনা কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী ৰ’দালি শৰ্মাই ৷বক্তা হিচাপে উপস্থিত থাকিব মহাবিদ্যালয়ৰ ছাত্ৰী অন্বেষা কাঞ্চন বৰা আৰু অংকিতা দাসে৷ আবেলি ৩:০০ বজাত প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড° শীলা বৰঠাকুৰ বিষয়ক বক্তৃতানুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব দিল্লী সমন্বয় শাখা,কলকাতা সমন্বয় শাখা,মুম্বাই সমন্বয় শাখাৰ সভানেত্ৰী/সম্পাদক সকলৰ লগতে স.অ.লে.স.স ৰ বাংলাদেশৰ ৰঙামাটি সমন্বয় শাখা আৰু ঢাকা সমন্বয় শাখাই ৷ স.অ.লে.স.স ৰ উপসভানেত্ৰী গীতা দাসে উদ্বোধন কৰাৰ পাছতেই সঞ্চালনা কৰিব স.অ.লে.স.স ৰ উপসভানেত্ৰী ড° জুনু মহন্তই ৷বক্তা হিচাপে অংশগ্ৰহণ কৰিব স.অ.লে.স.স ৰ উপদেষ্টা তথা প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ বৰুৱাই৷আবেলি ৪:০০ বজাত উপাধি প্ৰদান অনুষ্ঠান৷৪:৩০ ত গীত-মাত আৰু কবিতাৰ এসন্ধ্যা ৷ অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলক স.অ.লে.স.স ৰ উপসভানেত্ৰী জয়া সেনাপতি,স.অ.লে.স.স ৰ উপসভানেত্ৰী হেমপ্ৰভা হাজৰিকা,স.অ.লে.স.স ৰ উপসভানেত্ৰী মিনাকুমাৰী ৰায়মেধি,দৰং জিলাৰ প্ৰাক্তন সম্পাদিকা এনী ডেকা,কলিয়াবৰ জিলাৰ লে.স.স ৰ সভানেত্ৰী সন্ধ্যা খাউণ্ড.বিশিষ্ট লেখিকা ড° অৰুন্ধতী মহন্তৰ লগতে উদ্বোধক হিচাপে অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা উপস্থিত থাকিব ৷শিল্পীৰ সম্বৰ্ধনা অনুষ্ঠানত শিল্পী চয়নিকা ডেকা ঠাকুৰীয়া,কাশ্মীৰী হাজৰিকা আৰু অনুশ্ৰী কুৰ্মীক সম্বৰ্ধনা জনোৱা হ’ব৷ ২৮ জানুৱাৰীৰ দিনা পুৱা ৮:৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে ৷১১:০০ বজাত মুকলি সভাত সভাপতিত্ব কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে৷ স.অ.লে.স.স ৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ বৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই উদ্বোধন কৰিব স.অ.লে.স.স ৰ উপদেষ্টা বিনীতা দত্তই ৷ মুকলি সভাখনিত আদৰণি ভাষণ আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে ৷বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস,অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল,অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ড° কৰবী ডেকা হাজৰিকা ৷ সন্মানীয় অতিথি হিচাপে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা,ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ লগতে বিশিষ্ট অতিথি স.অ.লে.স.স ৰ প্ৰাক্তন সভানেত্ৰী নিৰুপমা মিশ্ৰ,স.অ.লে.স.স ৰ প্ৰাক্তন সভানেত্ৰী আভা বৰা,স.অ.লে.স.স ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক যুটীয়া সম্পাদিকা ড° স্বাধীনতা মহন্ত,ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সদস্য ড° অনিল শইকীয়া,কামৰূপ ৰত্ন বঁটা প্ৰাপক বিশিষ্ট লেখক তথা অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ,বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত বড়ো, গুৰগাঁও শাখা লে.স.স ৰ সভানেত্ৰী ড° গীতা বৰুৱা নাথ, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা,শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া,অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক নিতুল বৰা উপস্থিত থাকিব ৷স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই ৷গ্ৰন্থ উন্মোচন কৰিব তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ কলিতা,কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ বৰ্মন,অধ্যক্ষ ড° তপন কলিতা,স.অ.লে.স.স প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ, কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈ,কাৰ্যকৰী সভানেত্ৰী বিভা বুজৰবৰুৱা,উপসভানেত্ৰী দৰ্পণা বৰা নেওগ,উপসভানেত্ৰী নীলিমা বৰা,উপসভানেত্ৰী ড° থুনু কলিতা,প্ৰধান সম্পাদিকা স.অ.লে.স.স ৰ মনোমতী কুৰ্মী,উপদেষ্টা ৰুমা দেৱী,গ্ৰন্থাগাৰিকা ড° মিতালী গোস্বামী,উপ সভানেত্ৰী জয়ন্তী দাস, বিশ্বনাথ লে.স.স ৰ সভানেত্ৰী ধনদা কলিতা,উপ সভানেত্ৰী চন্দ্ৰা বৰ্মন ,উপসভানেত্ৰী ড° কমলা ডেকা,সাহিত্যিক পেঞ্চনাৰ ড° মলিনা ৰাভা,উপ সভানেত্ৰী মাধন ভূঞা,বিশিষ্ট সাহিত্যিক সবিতা কোঁৱৰ , উপসভানেত্ৰী ড° মোহিনী গোস্বামী,যোৰহাট লে.স.স ৰ সভানেত্ৰী নিৰদা গগৈ বৰা,উপ সভানেত্ৰী নিৰু বৰুৱাই ৷ দুয়োদিনাৰ কাৰ্যসূচীতেই সদৌ অসমৰ লেখিকা সকলৰ উপৰিও সদৌটি ৰাইজৰে আন্তৰিক সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে ৷ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাটো সকলোৰে অংশগ্ৰহণেৰে বৰ্ণিল হৈ উঠাৰ সমান্তৰালভাৱে সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানটি সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হৈ উঠাৰ পুৰ্ণ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে অভ্যৰ্থনা সমিতিৰ লগতে শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সমূহ বিষয়ববীয়া ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *