কাজিৰঙা চৰকাৰী মহাবিদ্যালয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ জুন: সোমবাৰে চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উপলক্ষে তেখেতক স্মৰণ কৰি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপন কৰা হয় । অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কঁহৰা খণ্ডৰ আঞ্চলিক বন বিষয়া বিভূতি ৰঞ্জন গগৈ আৰু কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উদয়ন ফুকনদেৱ । অনুষ্ঠানৰ আৰম্ভণিতে বিষ্ণুপ্ৰসাদ ৰাভালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা বিষ্ণুৰাভাৰ এটি সমবেত সংগীত পৰিৱেশন কৰা হয়।অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰেৱত মহন্তই আঁত ধৰা অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ প্রদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হৰি প্ৰসন্ন ডেকা বৰুৱাই।ইয়াৰ পাছতেই উদয়ন ফুকনদেৱে অনুষ্ঠানটিৰ আদৰণি ভাষণ প্রদান কৰে আৰু বিভূতি ৰঞ্জন গগৈদেৱে মুখ্য অতিথিৰ এলানি বক্তৃতা প্রদান কৰে ।উক্ত অনুষ্ঠানতে ৰেৱত মহন্তই ৰচনা কৰা ‘বিষ্ণুপ্ৰসাদ ৰাভাৰ আভাত সংগীতৰ ৰেঙনি’ শীৰ্ষক এখনি আলেখ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। আলেখ্যৰ প্ৰাকমূহুৰ্তত ৰেৱত মহন্তই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু আলেখ্যৰ তাৎপর্য ব্যক্ত কৰে।বহুমুখী প্রতিভাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদানৰ আধাৰত পৰিৱেশন হোৱা আলেখ্যখনিৰ অনুশীলনৰ দায়িত্বত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ৰ’দালি সপোন বৰগোহায়ে ছাত্ৰ-ছাত্রীসকলক পৰিপক্ক কৰি তোলে।অনুষ্ঠানৰ শেষত অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী এন. তামনা সিংহই শলাগৰ শৰাই আগবঢ়াই । উক্ত অনুষ্ঠানত চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ সমূহ অধ্যাপক-অধ্যাপিকা-গ্ৰন্থাগাৰিককে প্ৰমুখ্য কৰি কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত আছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *