দেৰগাওঁৰ উদীয়মান যুৱকৰ মৃত্যু,কাজিৰঙাত শোকৰ ছাঁ

মনোজ প্ৰতিম শইকীয়া, ৪ জুলাই: সময় বোৱতী নৈ ৷ সময় কাৰো বাবে নাথাকে ৰৈ৷ সময়ে কাকো ক্ষমা নকৰে ৷সময় হল সদ্য হাস্যবদন লৰাটো গুচি গল ৷হঠাতে গুচি গল সংগোপনে ৷ কাজিৰঙাৰ বচাগাওঁৰ পৰিনীতা ল’জত কৰ্মৰত দেৰগাওৰ যুৱক বিতোপন দাস ৷ জটিল ৰোগত যুজি যুজি অৱশেষত হাৰ মানিলে গুৱাহাটীৰ এখন চিকিৎসালয়ত ৷নম্ৰ,অমায়িক লৰাটো কেৱল অতিথিশালাখনতেই নহয়,অতি কম সময়ৰ ভিতৰতে আপোন হৈ পৰিছিল সকলোৰে ৷ বিতোপনৰ ব্যৱহাৰতে প্ৰতিফলিত হৈছিল অতিথিপৰায়ণতা ৷ পৰিনীতা লজলৈ অহা প্ৰতিজন পৰ্যটককে ভগৱান বুলি শুশ্ৰুষা আগবঢ়াইছিল বিতুৱে ৷ বচাগাওঁ যুৱ সংঘৰ সৈতে জড়িত হৈ বিভিন্ন ক্ষেত্ৰত সকলোকে সহায়-সহযোগ আগবঢ়াইছিল বিতুৱে ৷ কেৱল ইমানেই নহয় সাংস্কৃতিক ক্ষেত্ৰখনতো বিতুৰ আছিল যথেষ্ট আগ্ৰহ ৷ বচাগাওঁত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত আৰ্থিক,শাৰিৰীক দিশত যথেষ্ট সহযোগিতা আগবঢ়াইছিল বিতুৱে ৷তদুপৰি বচাগাও নামঘৰত অনুষ্ঠিত হোৱা কেইবাখনো ভাওনাত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল ৷ বিতু গুচি গল একেবাৰে…ঘুৰি অহাৰ প্ৰতিশ্ৰুতি নিদিয়াকে ৷আত্মাৰ জন্ম আৰু মৃত্যু নাই ৷আত্মা সদায় অজন্ম,অন্তহীন,শাশ্বত ৷শৰীৰৰ মৃত্যু হয় কিন্তু আত্মা অজৰ- অমৰ ৷ সেয়ে পাৰ্থিব শৰীৰৰ মৃত্যু মানেই আত্মাৰ বিনাশ নুবুজায় ৷ পিছে এই সত্যক উপলব্ধি কৰিব পাৰিও মানুহে বাস্তৱ জীৱনত ইয়াক মানি লবলৈ কঠিন হৈ পৰে ৷সেয়ে অতি আপোন কোনোবাজনৰ বিয়োগত আমাৰ মন স্বাভাবিকতে শোকাছন্ন হৈ উঠে ৷মৃত্যু এটা শাশ্বত আৰু কৰুণতম শব্দ ৷ এই পৃথিৱীৰ সকলো প্ৰাণীৰে এদিন জন্ম হলে মৃত্যু হবই ৷কবিৰ মতে ,”মৃত্যুও এটা শিল্প , জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য ৷”এই মৃত্যু কৰুণ,বেদনাদায়ক আৰু হৃদয়বিদাৰক ৷ ইয়াক বাধা দিব পৰা শক্তি কাৰোৱে নাই ৷বিতুৰ মৃত্যুৱে সকলোৰে অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিলে ৷ বচাগাওঁ যুৱ সংঘ,বীৰ লাচিত সেনা,বচাগাওঁ মুকলি বিহুৰ লগতে বহুকেইটা অনুষ্ঠানে
শোক সন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰত গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ অশ্ৰুশিক্ত নয়নে আজি সকলোৱে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *