শ্বহীদ নগৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে তৃপ্তি বৰাই

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, ২৭ জুন: শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নিবাসী প্ৰাঞ্জল বৰাৰ পত্নী তৃপ্তি বৰাই নিজৰ একাগ্ৰতা,চেষ্টা আৰু উদ্যমেৰে শ্বহীদ নগৰী খনলৈ গৌৰৱ কঢ়িয়াই আনিলে ৷ কিছুদিনৰ পুৰ্বে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত “মিছেছ ডীভা“ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃপ্তি বৰাই ফাষ্ট ৰাণাৰ্চ আপ’ৰ সন্মান লাভ কৰে ৷

বিবাহিতা মহিলা তথা গৃহিণীসকলৰ মাজত অনুষ্ঠিত এই “মিছেছ ডিভা“ প্ৰতিয়োগিতাখনিৰ চূড়ান্ত ৰাউণ্ডত ৪৪ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰথম ৰাউণ্ডত প্ৰতিযোগীসকলৰ পৰিচয় পৰ্ব, তাৰ পাছত প্ৰশ্নোত্তৰ ৰাউণ্ড হৈছিল। পাছৰ পৰ্যায়ত টেলেণ্ট ৰাউণ্ড আছিল। ৰন্ধন, হস্তকলা, চিত্ৰাংকন, আবৃত্তি, অভিনয়, নৃত্য, গীত আদি অন্যান্য বিষয়ৰ ভিতৰত নিজৰ প্ৰিয় বিষয়টো গৃহিণী সকলে পৰিৱেশন কৰিছিল। সেই ৰাউণ্ডত তৃপ্তি বৰাই নৃত্যৰে সকলোকে মুগ্ধ কৰি ফাইনেলত প্ৰবেশ কৰিছিল ৷২০১৭ চনৰ “নাৰী” শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তৃপ্তি বৰা এগৰাকী বিশিষ্ট গল্পকাৰ ৷ গৰীয়সী, অন্যযুগ, ৰণাংগন, জনমভূমি, সম্ভাৰ, ’ৰহস্য’,দৈনিক অসম, আইনা, বিচ্ছুৰিত বৰ্ণালী, বাৰ্তা পখিলী আদি কাকত আলোচনীত নিয়মীয়াকৈ গল্প প্ৰকাশ হোৱাৰ উপৰিও, বহু গল্প প্ৰতিযোগিতাত স্থানলাভো কৰিছে ৷ এগৰাকী চিত্ৰশিল্পী হিচাপে পৰিচিত তৃপ্তি বৰাই বিভিন্ন ডিজাইনৰ অসমীয়া গহণা তৈয়াৰ কৰিও যথেষ্ট সমাদৰ লাভ কৰিছে ৷ সামাজিক দায়বদ্ধতা,পৰিয়াল,সাহিত্য চৰ্চা,শিল্পকৰ্মকে ধৰি সৌন্দৰ্যৰ ক্ষেত্ৰখনতো সাহসিকতাৰে খোজ দিবলৈ প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত স্বামী প্ৰাঞ্জল বৰাৰ আন্তৰিক সহযোগিতাক একেমুখে স্বীকাৰ কৰিলে তৃপ্তি বৰাই ৷ লগতে ,প্ৰতিযোগিতাখনিৰ এইবাৰৰ আহ্বায়ক হেমা শৰ্মা,মনিকা বৰা,যুতিমালা শইকীয়া ,অঞ্জনা দাস,মৈত্ৰেয়ী শৰ্মা,ৰুমী দাস আৰু ত্ৰিবেণী দুৱৰা দাসকো ধন্যবাদ জনালে বিজয়ী তৃপ্তি বৰাই ৷ এটি পুত্ৰ সন্তানৰ মাতৃ তৃপ্তি বৰাই সাংসাৰিক দায়িত্বৰ লগতে সকলো ধৰণৰ সামাজিক দায়বদ্ধতাকো সূচাৰুৰূপে পালন কৰাৰ উপৰিও এই সাফল্য লাভ কৰাত অভিনন্দন জনালে অসম ৰাজ্যিক সাংবাদিক সন্থা, সদৌ অসম কবি সন্মিলন, ঢেকিয়াজুলি লেখিকা সমাৰোহ সমিতি,সেউজ চচাইটি অসম,জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমকে ধৰি বৃহত্তৰ ঢেকিয়াজুলিৰ বহু দল-সংগঠনে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *