সাম্ভাৱ্য বানপানীৰ লগত সংগতি ৰাখি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকৰ দলক প্ৰশিক্ষণ প্ৰদান :

কাজিৰঙা লাইভ, বোকাখাত : ২১ জুন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ভুমিৰ সহযোগত বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত যোৱা তিনি দিন ধৰি চলা স্বেচ্ছাসেৱক প্ৰশিক্ষণৰ ইতিমধ্যে সামৰণী পৰে ৷ যোৱা ১৭ জুনৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণত বোকাখাত মহকুমাৰ জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয় আৰু কমাৰগাওঁ মহাবিদ্যালৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ নিৰ্বাচিত ৪৫ জন স্বেচ্ছাসেৱকে অংশগ্ৰহন কৰে ৷ লগতে বোকাখাত বনাঞ্চলৰ ১৫ গৰাকী বন কৰ্মীয়েও এই প্ৰশিক্ষণত অংশগ্ৰহন কৰে ৷ তিনিদিনীয়া এই প্ৰশিক্ষনত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক তথা কেন্দ্ৰ পৰিচালক ডা৹ চামচুল আলীয়ে কাজিৰঙাৰ এনিমেল কৰিডৰত বানপানীৰ সময়ত স্বেচ্ছাসেৱক সকলে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰিব লগীয়া কাম আৰু নীতি নিৰ্দেশনাৰ লগতে এনিমেল কৰিডৰৰ গুৰুত্বৰ লগতে বনাৰ্ত বন্যপ্ৰাণীৰ সুৰক্ষা আৰু উদ্ধাৰৰ সময়ত মানিবলগীয়া বিশেষ পট’কলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ৷ ১৭ জুনত এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷ প্ৰশিক্ষণৰ সামৰণীত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই স্বেচ্ছাসেৱক সকলৰ সৈতে মত বিনিময় কৰে ৷ প্ৰশিক্ষনত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা আৰু কৰবেট ফাউণ্ডেচনৰ সহকাৰী সঞ্চালক ডা৹ নবীন পাণ্ডেও উপস্থিত থাকে ৷ প্ৰশিক্ষণ গ্ৰহন কৰা মহাবিদ্যালয়ৰ এই স্বেচ্চাসেৱক সকলে বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত কৰ্মৰত বনকৰ্মী সকলৰক বিভিন্ন ধৰণে সহায় কৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিব ৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *