শ্বহীদ নগৰী ঢেকিয়াজুলিত সফলতাৰে অনুষ্ঠিত হৈ যায় “আসাম ফিটনেছ চচাইটি’ৰ উদ্যোগত আয়োজন কৰি ’আয়ৰণ গেমছ আৰু ফিটনেছ ’ প্ৰতিযোগিতাৰ ৷

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ১৬ জুন : সাম্প্ৰতিক সময়ত শৰীৰ চৰ্চাৰ প্ৰতি সকলো সচেতন ৷শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ শৰীৰ চৰ্চাৰ প্ৰয়োজনীয়তাৰ সমান্তৰালভাৱে নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে শ্বহীদ নগৰী ঢেকিয়াজুলিত গঠন হোৱা ’আসাম ফিটনেছ চচাইটি’য়ে যোৱা ১২ জুন ২০২২ তাৰিখে ঢেকিয়াজুলিস্থিত ত্ৰিমূৰ্ত্তি ভৱনত দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত কৰিলে ’আয়ৰণ গেমছ এণ্ড ফিটনেছ’ প্ৰতিযোগিতাৰ ৷
প্ৰতিযোগিতাখনিত পুৱা ন বজাত পতাকা উত্তোলন কৰে এল বি এন একাডেমিৰ অধ্যক্ষ কাজল বৰাই ৷ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে দণ্ডাধীশ ধৰ্মেশ্বৰ শইকীয়াই৷ সময়ৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ন বজাৰ পৰা ৰেজিষ্ট্ৰেচন কৰাৰ পাছতেই সময়ৰ অপব্যয় নকৰাকৈ প্ৰতিযোগিতা সমূহ আৰম্ভ কৰা এই প্ৰতিযোগিতাখনিৰ মেইন ইভেণ্ট শক্তি উত্তোলন প্ৰতিযোগিতাত ত্ৰিছ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে ফিটনেছ প্ৰতিযোগিতাত পঁচিশ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাখনিত “মিষ্টাৰ ঢেকিয়াজুলি’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় মাধৱ ভূঞা আৰু লগতে “মিছ ঢেকিয়াজুলি“ খিতাপ লাভ কৰে মিনাক্ষী বৰাই ৷ বিশিষ্ট অতিথি হিচাপে প্ৰতিযোগিতা খনিত উপস্থিত থাকে “মিষ্টাৰ ইণ্ডিয়া ২০২২” খিতাপ অৰ্জন কৰা শ্ৰী পৰীক্ষিত হাজৰিকা আৰু “মিছ এচিয়া পেচিফিক ’,”মিছ ইণ্ডিয়া ফিটনেছ মডেল’ ৰ খিতাপ অৰ্জন কৰা মিছ প্ৰিয়া দেৱনাথৰ লগতে দীপক শইকীয়া,প্ৰাঞ্জল বৰা ,অনন্ত বৰদলৈ আৰু বহুকেইজন গণ্যমান্য ব্যক্তি ৷
ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাত ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মিষ্টাৰ আৰু মিছ গৰাকীৰ লগতে বহুকেইজন বিশিষ্ট অতিথিয়ে এই প্ৰতিয়োগিতাখনিত উপস্থিত থাকি প্ৰতিযোগী সকলক অনুপ্ৰাণিত কৰাৰ বাবে “আসাম ফিটনেছ চচাইটি’ ঢেকিয়াজুলিৰ হৈ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে সভাপতি লখন মুছাহাৰী, কাৰ্যবাহী সভাপতি আকাশ শৰ্মা,সাধাৰণ সম্পাদক সুমন নন্দী,প্ৰচাৰ সম্পাদক অৰূপ নাথৰ লগতে সমূহ বিষয়-ববীয়াই ৷তীব্ৰ গৰমকো নেওচি বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগী সকল আহি প্ৰতিযোগিতা খনি সাফল্যমণ্ডিত কৰি তোলাৰ লগতে হাজাৰোধিক দৰ্শকৰ উপস্থিতিয়েও অনাগত সময়বোৰত আৰু অধিক উৎসাহেৰে কাম কৰি যাবলৈও অনুপ্ৰাণিত কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছে ঢেকিয়াজুলিৰ “আসাম ফিটনেছ চচাইটি“য়ে ৷
যি সময়ত আজিৰ যুৱ প্ৰজন্মই ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ জীৱন ক্ৰমাগত ভাৱে ধ্বংসৰ মুখলৈ ঠেলি দিছে, তেনে সময়তে ঢেকিয়াজুলিৰ “আসাম ফিটনেছ চচাইটি’য়ে নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰা এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজ তথা স্বাস্থ্য সচেতন সকলো ব্যক্তিয়ে ৷