অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাৰ ব্যতিক্ৰমী অনুষ্ঠান, সাংবাদিকৰ কবিতাৰ এসন্ধ্যা

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ৩ জুন :অসম সাহিত্য সভাৰ মুম্বাই স্বৰ্ণ শাখাই যোৱা শনিবাৰে অনুষ্ঠিত কৰিলে এক ব্যতিক্ৰমী অনুূষ্ঠান ৷ গুগল মিট’ৰ জৰিয়তে ২১ মে’ৰ সন্ধিয়া ’সাংবাদিক কবি’ সকলক লৈ আয়োজন কৰিলে এক সুন্দৰ কবিতাৰ এসন্ধ্যা । এই অনুষ্ঠানটিৰ আহ্বায়িকা হিৰণ ভূঞাই অনুষ্ঠানটিৰ আৰম্ভণিতে আমন্ত্ৰিত সাংবাদিক কবি সকলক আন্তৰিক স্বাগতম জনোৱাৰ লগতে মুম্বাই স্বৰ্ণ শাখাৰ সভাপতি শ্ৰীযুতা সুৰাইয়া জাহানে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটি কবিতাৰে “কবিতাৰ এসন্ধ্যা”ৰ মঞ্চ মুকলি কৰে আহ্বায়িকা হিৰণ ভূঞাই। অনুষ্ঠানটিত সঞ্চালক হিচাপে উপস্থিত থাকে নগাঁৱৰ পৰা সদৌ অসম কবি সন্মিলনৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰদীপ শইকীয়া৷ ৷অনুষ্ঠানটিত নিমন্ত্ৰিত কবিসকল আছিল গুৱাহাটীৰ পৰা ৰিপুঞ্জয় গগৈ, ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা , শোণিতপুৰ ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, বোকাখাতৰ পৰা মৃদুস্মিতা শৰ্মা আৰু মৰিগাঁওৰ পৰা ভবেন চন্দ্ৰ নাথ। পাঁচ গৰাকী সাংবাদিক কবিৰ ভিন্নধৰ্মী কবিতাৰে উপভোগ্য হৈ উঠা সন্ধিয়াটিত মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সকলো বিষয়-ববীয়াৰ উপৰিও অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ শতাধিক সাহিত্যপ্ৰেমী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ কবিতাৰ সমান্তৰালভাৱে আন্তৰিক কথোপকথনেৰে জীপাল হৈ উঠা এই অনুষ্ঠানটিত কবিতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মুম্বাই স্বৰ্ণ শাখাই কৰি অহা নিৰবিচ্ছিন্ন প্ৰচেষ্টাক অনুষ্ঠানটিৰ সঞ্চালক প্ৰদীপ শইকীয়া ডাঙৰীয়াই ভূয়সী প্ৰশংসা কৰে ৷ অসমীয়া উত্তৰোত্তৰ উন্নতিৰ হকে কাম কৰি যাবলৈ সদা প্ৰতিশ্ৰুতি বদ্ধ মুম্বাই স্বৰ্ণ শাখাই অনাগত সময়তো এই প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে শাখাৰ সভাপতি সুৰাইয়া জাহান আৰু আহ্বায়িকা হিৰণ ভূঞাই ৷ সঞ্চালক প্ৰদীপ শইকীয়াই দুটাকৈ মননশীল কবিতা পাঠ কৰি অংশগ্ৰহণকাৰী সকলক আপ্লুত কৰাৰ লগতে সন্মানীয় কবি শ্ৰীযুতা অমিয়া দাসেও পাঠ কৰিলে এটা কবিতা৷ শলাগৰ শৰাই আগবঢ়াই শ্ৰী যুতা নিপা দুৱৰাই আৰু কাৰিকৰী দিশটো সুচাৰুৰূপে পৰিচালনা কৰে শ্ৰীমতী দীক্ষা খাটনিয়াৰ পাঠকে।অনুষ্ঠানৰ শেষত জাতীয় সংগীত পৰিবেশনেৰে সুন্দৰ অনুষ্ঠানটি সমাপ্ত কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *