ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উদযাপন# “বাতৰি কাকতবোৰে নতুন পাঠক সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰা উচিত ” – ড° চন্দন গোস্বামী

কাজিৰঙা লাইভ, ঢেকিয়াজুলি,১৯ এপ্ৰিলঃ বৃহত্তৰ ঢেকিয়াজুলি ৰাজহ চক্ৰ অঞ্চলৰ সংবাদসেৱী সকলৰ একমাত্ৰ অনুষ্ঠান ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ ৩১সংখ্যক প্ৰতিষ্ঠা দিৱসটি যোৱা ১২ আৰু ১৩ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰেে অনুষ্ঠিত হৈ যায়৷ৰূপালী জযন্তী বৰ্ষ অতিক্ৰম কৰা ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১২ এপ্ৰিলত প্ৰেছ ক্লাব প্ৰাংগণত ঔম পাৰবয়লিং ৰাইচ মিলৰ সহযোগত এখনি বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হয়৷ঢেকিয়াজুলি মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডা° প্ৰদীপ নাথে শুভাৰম্ভণি কৰা বিনামূলীয়া চিকিৎসা শিৱিৰত উপস্থিত থাকি ৰোগীসকলক চিকিৎসা প্ৰদান কৰে ঢেকিয়াজুলিৰ জ্যেষ্ঠ চিকিৎসক ডা° মাণিক ৰয়,চিকিৎসক ডা° বৰ্ণম প্ৰসাদ শাণ্ডিল্য,ডা°কাৰ্তিক প্ৰজাকে ধৰি চিকিৎসক তথা চিকিৎসা কৰ্মীৰ এটা দলে৷ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা কৰ্মীসকলেও উক্ত অনুষ্ঠানত সহযোগিতা আগবঢ়ায়৷

১৩ এপ্ৰিলৰ দিনা পুৱা ৯:৩০ বজাত ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰি দ্বিতীয়দিনাৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে প্ৰেছ ক্লাৱৰ সভাপতি গোলোক বৰাই ৷তাৰপাছতেই স্মৃতি তৰ্পণ কাৰ্য্যসূচীত মুখ্য তৰ্পক হিচাবে তৰ্পণ কৰে ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা প্ৰবীন লেখক-সাংবাদিক ৰমেশ চন্দ্ৰ বৰাই ৷পুৱা ১১ বজাত প্ৰাক্তন প্ৰবীণ সাংবাদিক ললিত বৰুৱাৰ ’সংবাদ প্ৰদৰ্শনী”উদ্বোধন কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে৷ তাৰপাছতেই আৰম্ভ হয় এক মনোজ্ঞ বক্তৃতা অনুষ্ঠান ৷ ললিত বৰুৱা দেৱে উদ্বোধন কৰা “সংবাদ,সাংবাদিক আৰু সাংবাদিকতা” শীৰ্ষক মননশীল আলোচনা চক্ৰটিত মুখ্য বক্তৃা হিচাপে উপস্থিত থাকি সাৰগৰ্ভ বক্তব্য আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন গোস্বামীদেৱে ৷মফচলীয় সাংবাদিক সকলৰ বিভিন্ন সমস্যাৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলে সততে সন্মুখীন হৈ অহা নানা বিষয়সমূহো তেখেতে সবিস্তাৰে বৰ্ণনা কৰে৷ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰি সাংবাদিকতাৰ লগত জড়িত আনুসাংগিক সকলো বিষয়কে সামৰি দিয়া মূল্যবান বক্তব্যত তেখেতে লগতে উল্লেখ কৰে যে সাম্প্ৰতিক সময়ত বাতৰি কাকতবোৰে চৰিত্ৰ সলনি কৰাৰ সমান্তৰালভাৱে অসমৰ দুই এখন কাকতৰ বাহিৰে বাকীসমূহ কাকতে পুৰণি চাম পাঠকৰ বাদে নতুনকৈ পাঠকৰ সৃষ্টি কৰিব নোৱাৰাটো সংবাদ ক্ষেত্ৰখনৰ বাবে বিশেষকৈ কাকতসমূহৰ বাবে নিশ্চয়কৈ শুভ লক্ষণ নহয় ৷ এই সন্দৰ্ভত কাকতগোষ্ঠী সমূহে গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেখেতৰ বহুমূলীয়া বক্তব্যত তেখেতে উল্লেখ কৰে ৷ আলোচনা চক্ৰটিৰ আঁতধৰে ক্লাবৰ সম্পাদক কল্পজ্যোতি নাথে৷বিয়লি ৪:৩০ বজাত ঢেকিয়াজুলিৰ বিশিষ্ট বিহুৱা শিল্পী হীৰেণ নাথে উদ্বোধন কৰে প্ৰাক্ ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী মুকলি কৰে৷প্ৰাক ৰঙালী বিহুৰ কাৰ্যসূচী অনসৰি শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সকলৰ জেং বিহু দলে জেং বিহু পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে৷ জেং বিহু দলটিক প্ৰশিক্ষণ দিয়া বিদ্যালয় খনৰ সহঃশিক্ষয়ত্ৰী ঊষা বৰাক প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়৷বহুকেইটা সাংস্কৃতিক দলে অনুষ্ঠানটি জীপাল কৰি তোলাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা,সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ,অৱসৰী শিক্ষক তথা কবি কবীন্দ্ৰ দাস,জেষ্ঠ নাগৰিক বিধুভূষণ ৰয়,অতুল শইকীয়া আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনায় ঢেকিয়াজুলি প্ৰেছ ক্লাৱৰ সভাপতি গোলোক বৰা,কাৰ্যকৰী সভাপতি তপন চক্ৰৱৰ্তী আৰু সম্পাদক কল্পজ্যোতি নাথে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *