ঢেকিয়াজুলিত উদযাপন “অগ্নি সেৱা সপ্তাহ ২০২২” ৰাইজক সজাগতাৰ অৰ্থে ৰেলী অগ্নি নিৰ্বাপক বাহিনীৰ

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, কাজিৰঙা লাইভ, ১৯ এপ্ৰিল: ” অগ্নি সুৰক্ষাৰ সম্বন্ধে শিক্ষা লওঁক,উৎপাদনশীলতা বৃদ্ধি কৰক” এই শ্লোগানেৰে শ্বহীদ নগৰী ঢেকিয়াজুলিত উদযাপিত হ’ল “অগ্নি সেৱা সপ্তাহ ২০২২”৷বৃহত্তৰ ঢেকিয়াজুলিৰ ৰাইজক অগ্নি প্ৰতিৰোধৰ বাবে কৰণীয় আৰু অকৰণীয় কাৰ্য্যৰ সম্বন্ধে সজাগ আৰু সচেতন কৰি তুলিবলৈ ঢেকিয়াজুলি অগ্নি আৰু আপদকালীন সেৱা কাৰ্য্যালয়ে এক সজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ণ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে ঢেকিয়াজুলিৰ পৰা ঠেলামৰালৈ আৰু ঠেলামৰাৰ পৰা ওৰাঙলৈকে এটি ৰেলী উলিয়ায় ৷ ১৪ তাৰিখৰ পৰা ২০ তাৰিখলৈকে চলি থকা “অগ্নি সেৱা সপ্তাহ” ৰ অংশ হিচাপে জুই নালাগিবলৈ আৰু লাগিলে সেই জৰুৰী সময়ত ৰাইজৰ কৰিবলগীয়া কৰ্তব্যৰ বিষয়ে ৰাইজক সজাগ হোৱাৰ বাবে আহ্বান জনায় ঢেকিয়াজুলি অগ্নি আৰু আপদকালীন সেৱা কাৰ্যালয়ৰ মুৰব্বী বিশ্বজিৎ তালুকদাৰে ৷ ৰন্ধন গেছ ষ্টোভ আৰু ইয়াৰ সঁজুলিবোৰ নিয়মীয়া ভাৱে পৰীক্ষা কৰা,দাহ্য বা সহজতে জ্বলি উঠিব পৰা সামগ্ৰী ঘৰৰ ভিতৰত জমা কৰি নৰখা,বৈদ্যুতিক অভাৰলোড পৰিহাৰ কৰি বৈদ্যুতিক বিজুতি সম্বন্ধীয় অগ্নিৰ পৰা হাত সাৰিবলৈ MCB স্থাপন কৰা আদিৰ দৰে কেতবোৰ অতিকে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ লগতে জুই লাগিলে টেলিফোন নাইবা যিকোনো অন্য মাধ্যমেৰে ততালিকে অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰক অৱগত কৰাৰ সমান্তৰালভাৱে জুই লগা ঠাইৰ সঠিক বিৱৰণ দিয়াৰ লগতে নিৰ্দিষ্ট সাংকেতিক চিহ্ন দিবৰ বাবে অনুৰোধ জনায় ৷ তেখেতে লগতে কয় যে এনে আপদকালীন পৰিস্থিতিত প্ৰথম কৰ্তব্য হৈছে ধৈৰ্য্য ধৰি ঘৰৰ মানুহক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা অগ্নি সেৱা বাহিনীৰ গাড়ী অহাৰ পথ মুকলি কৰি ৰখা ৷”অগ্নি সপ্তাহ”ৰ অংশ হিচাপে স্কুল,কলেজ,হস্পিতাল আদিতো বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জনোৱাৰ লগতে সকলো কাৰ্যসূচীতে ৰাইজৰ সহযোগিতাৰ কামনা কৰিছে ঢেকিয়াজুলিৰ অগ্নি আৰু আপদকালীন সেৱা কাৰ্য্যালয়ৰ মুৰব্বী বিশ্বজিৎ তালুকদাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *