কাজিৰঙাৰ প্ৰাক্তন সঞ্চালক পি শিৱকুমাৰৰ মহানুভৱতা। উদীয়মান শিল্পীক প্ৰদান লেপটপ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ মাৰ্চ: মানুহে মানুহৰ বাবে -যদিহে অকণো নাভাবে … হয় , আমি মানুহ আৰু আমি মানুহ হৈ যদি মানুহৰ কথাই যদি নাভাৱোঁ তেনে আন কোনে ভাবিব এই ভাৱনাকে সাৰোগত কৰি আজি পুৱাতেই মানৱীয়তাৰ এক নিদৰ্শন দাঙি ধৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক পি শিৱকুমাৰে ৷ যোৱা ২৮ অক্টোবৰত অনুষ্ঠিত হৈছিল “কাজিৰঙা লাইভ ২৪×৭” ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান ৷ সেই বৰ্ষপূৰ্তি অনুষ্ঠানতে কাজিৰঙাৰ উদীয়মান শিল্পী লিম্পী পাঠকৰ শিল্পকৰ্মৰ সহায়ক হোৱাকৈ এটি লেপটপ প্ৰদান কৰি সহযোগিতা আগবঢ়াবৰ বাবে সেই সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা পি শিৱকুমাৰ ডাঙৰীয়াক কাজিৰঙা লাইভৰ কাৰ্যবাহী সম্পাদক পলিমা বি চেতিয়াই এটি অনুৰোধ কৰিছিল ৷ অনুষ্ঠানতেই সেই অনুৰোধ ৰক্ষা কৰি তেখেতে প্ৰতিশ্ৰুতি দিছিল সহযোগিতাৰ ৷ প্ৰতিশ্ৰুতি ৰক্ষা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক ডাঙৰীয়াই লিম্পী পাঠকলৈ আজি আগবঢ়ালে এটি লেপটপ্ ৷ নিজৰ কৰ্মস্থান সলনি হোৱাৰ বাবে নতুন স্থানত গৈ নিয়োজিত হোৱাৰ পুৰ্বেই শিলচৰলৈ যোৱাৰ আগমুহূৰ্তত আজি পুৱাতেই লিম্পী পাঠকৰ ঘৰত সপৰিয়ালে উপস্থিত হয়গৈ উচ্চপদস্থ বনবিষয়া গৰাকী ৷ লিম্পী পাঠকৰ ঘৰত উপস্থিত হৈ অনুভৱী হৈ পৰা বনবিষয়া গৰাকীয়ে লিম্পীক লেপটপটো প্ৰদান কৰি তাইৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰে ৷ এনে এক মানসিকভাৱে সন্তুষ্ট হোৱা কাম কৰিবলৈ পাই সঁচাকৈ সুখী হোৱা বুলি উল্লেখ কৰি শিৱকুমাৰ ডাঙৰীয়াই ইয়াৰ বাবে কাজিৰঙা লাইভ পৰিয়ালৰ সকলোকে ধন্যবাদ জনায় ৷কাজিৰঙাৰ লগত এক আত্মিক সম্পৰ্ক গঢ় লোৱা বুলি উল্লেখ কৰি তেখেতে ভবিষ্যতেও কাজিৰঙাক সদায়েই মনত ৰাখিব আৰু য’তেই নাথাকক সুবিধা পালেই কাজিৰঙাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে ৷তেখেতে নিজৰ প্ৰতিশ্ৰুতি ৰাখি এই শুভ আৰু মহৎ কাম সম্পন্ন কৰি সকলোৰে বাবে দেখুৱালে মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হকে নিৰবিচ্ছিন্ন ভাৱে কাম কৰি উদ্যানখনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা সুদক্ষ বনবিষয়া গৰাকীৰ সহযোগিতাৰ বাবে তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছে কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভবানন্দ কলিতাই ৷ এটা সুন্দৰ মনৰ অধিকাৰী পি শিৱকুমাৰ ডাঙৰীয়াই নিস্বাৰ্থভাবে লিম্পী পাঠকলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে “কাজিৰঙা লাইভ ২৪×৭” পৰিয়ালে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অনাগত সময়বোৰতো তেখেতে এনেদৰেই সাহসী, সুন্দৰ আৰু মহৎ কৰ্মেৰে নিজকে উজ্জ্বলাই ৰাখিব বুলি আশা প্ৰকাশ কৰে ৷ অনুভৱী মনটোৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন সফল সঞ্চালকৰূপে কৰ্তব্য সম্পাদন কৰি যাবলৈ সক্ষম হোৱা পি শিৱকুমাৰ ডাঙৰীয়াৰ বিগত কৰ্মকুশলতাৰ লগতে লিম্পী পাঠকক কৰা সহযোগিতাৰো একেমুখে প্ৰশংসা কৰে স্থানীয় ৰাইজে ৷ নিজগুণে মহীয়ান হৈ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈও সোমাব পৰা বনবিষয়া জনৰ নতুন কৰ্মস্থানৰ বাবে শুভেচ্ছা জনালে কাজিৰঙা লাইভ পৰিয়ালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *