কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ বঁটা প্ৰদান- – গ্ৰন্থ উন্মোচনী সভা সম্পন্ন : কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকক “মুক্তিযোদ্ধা ডুম্বি কামান সোঁৱৰণী গোলাঘাট জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা-২০২১” প্ৰদান

কাজিৰঙা লাইভ, মহুৰা, ২২ মাৰ্চ : গোলাঘাট জিলাৰ কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ সভাত “মুক্তিযোদ্ধা ডুম্বি কামান সোঁৱৰণী গোলাঘাট জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা-২০২১” প্ৰদান আৰু কবি জয়ন্ত মাধৱ মৰাঙৰ কাব্য গ্ৰন্থ “তেজৰ অৰ্থ বিপ্লৱ নহয়’ উন্মোচন কৰা হয় ৷ মহুৰামুখ অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বংকুৱাল উচ্চ মাধ্যমিক বিদ্যালয়ত ২০ মাৰ্চত আয়োজন কৰা বঁটা প্ৰদান আৰু কাব্যগ্ৰন্থ উন্মোচনী সভাৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা মুক্তিযোদ্ধা ডুম্বি কামানৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে মুক্তিযোদ্ধা গৰাকীৰ জ্যেষ্ঠ পুত্র মহেন কামান আৰু পৰিয়ালবৰ্গই ৷ সভাত উপস্থিত থকা সাংবাদিক সংস্থাৰ বিষয়-ববীয়াৰ লগতে উপস্থিত সকলোৱে মুক্তিযোদ্ধা গৰাকীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক-লেখক, সাংবাদিক সুৰেন বড়িৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাত নিৰ্ভীক আৰু নিঃস্বার্থভাৱে সংবাদ জগতলৈ ডেৰ দশক কাল নিৰবিচ্ছিন্ন ভাৱে সেৱা আগবঢ়োৱা কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকক “মুক্তিযোদ্ধা ডুম্বি কামান সোঁৱৰণী গোলাঘাট জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা-২০২১” প্ৰদান কৰা হয়। উক্ত বঁটাত আছে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, মিচিং জনগোষ্ঠীৰ এৰকক দুমেৰ, চেলেং, সঁফুৰা, জাপি, স্মাৰক, সম্বর্ধনা পত্র, গ্ৰন্থৰ টোপোলা আৰু নগদ দহ হাজাৰ টকা ৷ ইয়াৰ উপৰি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হৈ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ হৈ সভাপতি বুবুল দত্ত, কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সম্পাদক দিপাংকৰ মৰাং, চুতীয়া ছাত্ৰ সন্থাৰ নেতা লাচিত কাকতি, গোলাঘাট জিলা গোর্খা ছাত্ৰ সন্থাৰ হৈ সভাপতি সঞ্জীৱ ছেত্ৰী আৰু সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰী, গোলাঘাট জিলা এম এম কেৰ হৈ সভাপতি মনেশ্বৰ কুটুম, দিচৈ, টি এম পি কে, বিশিষ্ট লেখক-সমাজকর্মী মিনতি দলে, বিশিষ্ট লেখিকা বীণা ৰাজকুমাৰী, কবি জয়ন্ত মাধৱ মৰাঙকে ধৰি বিভিন্ন স্থানৰ পৰা অহা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলে, বিভিন্ন ব্যক্তিয়ে বঁটা প্ৰাপক ৰঞ্জিত ৰজকক জাতীয় বস্ত্ৰ, গ্ৰন্থৰে সম্বৰ্ধনা জনায়। সভাত স্মাৰক বক্তা হিচাপে বিশিষ্ট কবি তথা শিক্ষক শৰৎ হাজৰিকাই ভাষণ দি মুক্তিযোদ্ধা, সমাজসেৱক, প্রগতিশীল খেতিয়ক, শিক্ষাৰ প্ৰচাৰক, দেশৰ কাৰণে কৰা ত্যাগৰ বিনিময় নলওঁ বুলি মুক্তি যোদ্ধা পেঞ্চন প্ৰত্যাখ্যান কৰা আদর্শৱান ডুম্বি কামানৰ সংগ্ৰামী জীৱন পৰিক্ৰমাৰ বিৱৰণ দি নতুন চামক তেওঁৰ আদর্শগত কৰ্মৰাজিৰ মূল্যায়ন কৰিবলৈ আহ্বান জনায়। ডুম্বি কামানৰ পৰিয়ালৰ হৈ তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মহেন কামানে পিতৃৰ কৰ্মৰাজিৰ বিষয়ত ৰেখাপাত কৰে। মুক্তিযোদ্ধা ডুম্বি কামানৰ ডাঙৰ বোৱাৰী, ৰাজ্যিক পুৰস্কাৰোপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী-লেখিকা প্ৰতিভা কামানেও তেওঁৰ শহুৰ দেউতাৰ সান্নিধ্য লাভ কৰি কেনেদৰে কৰ্ম অভিজ্ঞতা লাভ কৰিছিল তাৰ আলোকপাত কৰে। সভাত বঁটাপ্রাপক ৰঞ্জিত ৰজকে বগা চাহেবক খেদি দেশ স্বাধীন কৰা মহান বীৰ পুৰুষ মুক্তিযোদ্ধা ডুম্বি কামানৰ সোঁৱৰণী বঁটা লাভ কৰি পৰম গৌৰৱ লাভ কৰিছোঁ বুলি কৈ এই বঁটা অতুলনীয় বুলিও মন্তব্য কৰে। ইপিনে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্ৰকাশ কৰি উলিওৱা প্ৰতিশ্ৰুতি সম্পন্ন কবি জয়ন্ত মাধৱ মৰাঙৰ প্ৰথম কাব্য গ্ৰন্থ “তেজৰ অৰ্থ বিপ্লৱ নহয়’ শীর্ষক কাব্যগ্ৰন্থখন উক্ত সভাতে উন্মোচন কৰা হয়। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক তথা বিশিষ্ট কবি উজ্জ্বল পাওগামে কাব্য গ্ৰন্থখনি উন্মোচন কৰি
কয় যে কবিসকলে কবিতাৰ মাধ্যমেৰে নিজস্ব কৃষ্টি-সংস্কৃতিক ধৰি ৰখাৰ সমান্তৰালভাৱে সাহিত্যৰ ভঁৰাল চহকী কৰিব পৰাকৈ কৰণীয় বহু কৰিব পাৰে আৰু সন্মানীয় বহু অগ্ৰজ কবিয়ে এইদৰে জাতিৰ মাটি-ভেটি -সংস্কৃতি ৰক্ষাৰ বাবে কবিতাৰে মাত মাতি আহিছে ৷ কবিয়ে কবিতাৰে কেৱল নিজৰ পৰিচয় লাভ কৰায়েই নহয় ইয়াৰ মাধ্যমেৰে কবিয়ে জগতো জিনিব পাৰে ৷ ইয়াৰ উদাহৰণ শেহতীয়াকৈ জ্ঞানপীত বঁটা লাভ কৰা বিখ্যাত কবি নীলমণি ফুকন। দেশৰ হকে প্ৰাণ আহুতি দিয়া, দেশ-জাতি-ভাষা ৰক্ষা কৰা জাতীয় বীৰস্বৰূপ মহান পুৰুষসকলক স্মৰণ কৰি তেওঁলোকৰ কৰ্মৰাজিোসমূহ আদৰ্শ হিচাপে লৈ নৱপ্ৰজন্মই আগ বাঢ়িলেহে জাতিয়ে অস্তিত্বৰ প্ৰশ্নৰ পৰা মুক্ত হ’ব বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰি কমাৰগাঁও সাংবাদিক সংস্থাৰ পদক্ষেপক শলাগ লয় কবি উজ্জ্বল পাৱগামে। কবি জয়ন্ত মাধৱ মৰাঙে তেওঁক সাহিত্য চৰ্চাত প্ৰেৰণা দিয়া বিশিষ্ট কবি-সাংবাদিক পলিমা বি চেতিয়া, বিশিষ্ট সাহিত্যিক- অৱসৰ প্ৰাপ্ত অধ্যাপক ড’ মাণিক শইকীয়া, প্ৰবীণ লেখিকা বীণা ৰাজকুমাৰী, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক-লেখক-সাংবাদিক সুৰেন বড়ি, কবি-নাট্যকাৰ অমল দাৱ, কবি-গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিং বৰি, কবি-লেখিকা মিনতি দলে আৰু সাংবাদিক-সংগীত শিল্পী ৰঞ্জিত ৰজকক জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনায়। কবি মৰাঙে জীৱনৰ প্ৰথমখন কাব্য গ্ৰন্থ “তেজৰ অৰ্থ বিপ্লৱ নহয়’ ক পাঠক সমাজক আদৰি ল’বলৈ অনুৰোধ জনাই কাব্য গ্ৰন্থখনত ৰৈ যোৱা ভুল-ত্ৰুটি দৃষ্টি গোচৰ কৰা আৰু গঠনমূলক সমালোচনা কামনা কৰে।
সভাত অৱসবপ্রাপ্ত অধ্যাপক তথা কবি ড° মাণিক শ‍ইকীয়া, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই চমু বক্তব্য আগবঢ়ায়। কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক পৱন কামানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ শেষত শলাগ জ্ঞাপন কৰে সংস্থাৰ সভাপতি মহেন শ‍ইকীয়াই। উল্লেখযোগ্য সভাৰ বিশিষ্ট অতিথিসকলক গ্ৰন্থৰে আদৰণি জনোৱা সংস্থাৰ কাৰ্যক সকলোৱে শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *