আৰণ্যকৰ উদ্যোগত গাঁওৰক্ষী বাহিনীয়লৈ সামগ্ৰী প্ৰদান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ ফেব্ৰুৱাৰী: মঙ্গলবাৰে ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষ আৰু গোলাঘাট পুলিচৰ সহযোগত কাজিৰঙাৰ দাঁতি-কাষৰীয়া ৩২ খন গাৱঁৰ গাঁওৰক্ষী বাহিনীৰ ১৬০ জন সদস্যলৈ চুৱেটাৰ আৰু উচ্চ ক্ষমতা সম্পন্ন চাৰ্জ লাইট প্ৰদান কৰে। বোকাখাত থানাৰ বাকৰিত থানা পৰিচালনা সমিতিৰ সভাপতি মৃদুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত উক্ত সামগ্ৰী সমূহ বিতৰণ কৰে। সভাৰ উদ্দেশ্য বাখ্যা কৰে আৰণ্যকৰ প্ৰবন্ধক আৰিফ হুছেইনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে গাওঁৰক্ষী বাহিনীৰ সদস্য সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে আগন্তক দিনত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনায়।
সভাত কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চেতিয়া, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক আৰিফ আহমেদ আৰু আৰণ্যকৰ সদস্য সঞ্জীৱ বেজবৰুৱাই ও গাওঁৰক্ষী বাহিনীৰ কৰ্তব্য আৰু কৰণীয় সম্পৰ্কে বক্তব্য আগবঢ়ায়।
উল্লেখ্য যে বিগত সময়তো আৰণ্যকে এনে ধৰণে বহু প্ৰয়োজনীয় সামগ্ৰী গাওঁৰক্ষী বাহিনীলৈ যোগান ধৰি আহিছে ।
গাওঁৰক্ষী বাহিনীৰ নিয়মীয়া পহৰা কাৰ্য্যত সহায় হোৱাকৈ যোগান ধৰা সামগ্ৰী সমূহৰ বাবে প্ৰতিজন সদস্যই আৰণ্যকক কৃতজ্ঞতা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *