চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ ডিচেম্বৰ: চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ প্ৰাংগনত ১০.১২.২০২১ তাৰিখ শুক্ৰবাৰে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰাংগনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হৰি প্ৰসন্ন ডেকা বৰুৱাকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্য বক্তা হিচাপে মহাবিদ্যালয়ৰে ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° পৰিমিতা ভূঞাই মানৱ অধিকাৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তৃতা আগবঢ়ায়।ভূঞাই মানৱ অধিকাৰৰ অন্তৰ্গত বিভিন্ন দিশ যেনে- মানৱ অধিকাৰৰ অৰ্থ, তাৎপৰ্য, মহত্ব ইত্যাদিৰ সম্পৰ্কে ছাত্ৰ-ছাত্রীসকলৰ মাজত এক চমু আলোচনা দাঙি ধৰে । ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা চয়নিকা বৰাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ড°ডেকা বৰুৱাই মানৱ অধিকাৰ দিৱস সম্পৰ্কে এক মননশীল বক্তব্য দাঙি ধৰে।ছাত্ৰ-ছাত্রীসকলক উদ্দেশ্যি মানুহ হিচাপে মানৱীয় প্ৰমূল্যসমূহ আয়ত্ব কৰিব পাৰিলেহে মানৱ অধিকাৰসমূহ প্ৰকৃতাৰ্থত সফল ৰূপে সাব্যস্ত কৰিব পাৰিব বুলি কৈ চয়নিকা বৰাই সভাৰ সামৰণি মাৰে।উল্লেখযোগ্য যে সভাৰ অন্তত সদ্য প্ৰয়াত দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়ক বিপিন ৰাৱটৰ স্মৃতিত মৌন প্ৰাৰ্থনাৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলীও জ্ঞাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *