ঢেকিয়াজুলি শাখা লেখিকা সমাৰোহ সমিতি,নামঘৰ পৰিচালনা সমিতি আৰু নাৰী সংঘৰ উদ্যোগত ৰাভা দিৱস পালন

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া, কাজিৰঙা লাইভ ২২ জুন: সমগ্ৰ ৰাজ্যৰ লগতে শ্বহীদ নগৰী ঢেকিয়াজুলিটো উদযাপন কৰা হয় কলাগুৰু বিষ্ণু ৰাভা দিৱস ৷ ঢেকিয়াজুলি শংকৰ মন্দিৰ নামঘৰত নাৰী মঞ্চ, লেখিকা সমাৰোহ আৰু নামঘৰ পৰিচালনা সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱে অসমৰ সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানক স্মৰণ কৰা হয় ৷প্ৰাক্তন শিক্ষয়িত্ৰী আৰু লেখিকা সমাৰোহ ঢেকিয়াজুলি শাখাৰ সভানেত্ৰী শ্ৰী যুতা অনুপমা দাসে এগচি বন্তি জ্বলাই অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে৷ সভাত কলাগুৰুৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বহুমূলীয়া বক্তব্য আগবঢ়াই সৰ্বশ্ৰী খগেন শৰ্মা, দিপালী বৰা, ফুল শইকীয়া, আৰু ধ্ৰুৱ কুমাৰ বৰাই । কলাগুৰুৰ কৰ্মৰাজিৰ সঠিক মূল্যায়নৰ লগতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নৱপ্ৰজন্মক সাংস্কৃতিক অথবা সাহিত্যৰ দিশত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনালে বক্তাসকলে ৷ সদস্যা কৃষ্ণাশ্ৰী শৰ্মা বৰা, মৰমী কলিতা, ববী দত্ত আৰু ববী চহৰীয়াই বিষ্ণু সংগীতৰ আধাৰত এটি নৃত্য পৰিবেশন কৰাৰ লগতে কৃষ্ণাশ্ৰী শৰ্মা বৰা আৰু ৰন দত্তই দুটি ৰাভা সংগীত পৰিবেশন কৰে৷ কলাগুৰুক স্মৰণ কৰি গীতে-মাতে জীপাল হৈ পৰা এই দিৱসটিত উপস্থিত আছিল ঢেকিয়াজুলিৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে সাহিত্য- সংস্কৃতিপ্ৰমী শতাধিক লোক ৷ বহুবছৰ ধৰি নিয়মিত ভাৱে অনুষ্ঠিত কৰি অহা এই হেঁপাহৰ দিৱসটি অনাগত সময়তো অধিক গাম্ভীৰ্যপূৰ্ণ আৰু সুন্দৰ ভাৱে কৰি যোৱাৰ বাবে সকলো অংগীকাৰবদ্ধ হয় ৷
নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ধ্ৰুৱ কুমাৰ বৰাই অনুষ্ঠানটিত উপস্থিত থকা সক লোকে আন্তৰিক ধন্যবাদ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *