শ্বহীদ নগৰী ঢেকিয়াজুলিত শুভ উদ্ধোধন “ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰ“ ধাৰাবাহিক নাট্য চৰ্চাৰ পৰিবেশে এক নতুন ধাৰা প্ৰদানৰ বাবে আশাবাদী ঢেকিয়াজুলিবাসী

ঢেকিয়াজুলিৰ পৰা পলিমা বি চেতিয়া,১৩ জুলাই : শ্বহীদ নগৰী ঢেকিয়াজুলিত নাট্যচৰ্চাক সু- সংগঠিত ভাৱে ঐতিহ্য, পৰম্পৰা আৰু লোকায়তত মাজেৰে ধৰি ৰখাৰ নব্য চিন্তাৰে পৰিচালক তথা মূখ্য প্ৰশিক্ষক সমৰ মালাকাৰৰ তত্ত্বাৱধানত যোৱা ১২ জুলাইৰ সোমবাৰৰ দিনা গঠিত হ’ল ’ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰ “৷ঢেকিয়াজুলিস্থিত ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত অনুষ্ঠিত এক উদ্বোধনী অনুষ্ঠানত এই নাট্য চৰ্চা কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে কৃতি শিক্ষক,বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী প্ৰদীপ কুমাৰ নাথ আৰু শুভাৰম্ভ কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে ৷শুকদেৱ অধিকাৰীয়ে নাটকৰ ওপৰত দাঙি ধৰা তেখেতৰ বক্তব্যত শ্যেকছপীয়েৰৰ নাটকৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ নাটকলৈকে এক তুলনামূলক সমীক্ষা দাঙি ধৰাৰ সমান্তৰালভাৱে মৌলিক নাটকৰ ব্যাখ্যাসমূহো পুংখানুপুংখ ভাৱে ন-শিকাৰু সকলৰ আগত দাঙি ধৰি কয় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেংৰ লিগিৰী, শংকৰদেৱৰ নাটকে আৰম্ভ কৰা নাটকৰ বিশ্বজনীন যাত্ৰাই আজিও অসমক নাট্য সাহিত্যত গৌৰাৱাম্বিত কৰি ৰাখিছে ৷নাট্য যাত্ৰাত ঢেকিয়াজুলিৰ নৱগঠিত এই “ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰ“ই নিশ্চয়কৈ এক সৱল ভূমিকা গ্ৰহণ কৰিব বুলিও তেখেতে আশা ব্যক্ত কৰে ৷

এল বি এন একাডেমিৰ অধ্যক্ষ,বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সমাজ সংগঠক কাজল বৰাই নিজৰ বক্তব্যত উল্লেখ কৰে যে যোগাত্মক প্ৰতিযোগিতাই সমাজলৈ এক সুস্থ পৰিবেশ অনাত সহায় কৰে ৷ ঢেকিয়াজুলিৰ নাট্য ক্ষেত্ৰত এই ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰই এক যোগাত্মক প্ৰতিযোগিতামূলক পৰিবেশৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে ঢেকিয়াজুলিত নাট্য ক্ষেত্ৰত এক সজীৱ আৰু সুস্থ পৰিবেশৰ লগতে সুসংগঠিত কৰি এক ইতিবাচক ও সবল গণনাট্যৰ ভেটি গঢ়ি তুলিব বুলি আশা বাদী ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰৰ পদক্ষেপক শলাগ লৈ কয় যে এই চৰ্চা কেন্দ্ৰই নাট্যক্ষেত্ৰত ঢেকিয়াজুলিৰ এক অভাব পুৰ কৰিলে ৷ শিক্ষাৰ্থী সকলে শিক্ষাৰ উপৰিও মানসিক ভাৱে উত্তৰণৰ ক্ষেত্ৰত এনে ধৰণৰ চৰ্চাৰ প্ৰয়োজনীয়তাৰ কথাও তেখেতে দোহাৰে ৷অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট নাট্যকৰ্মী সুজিত কটকী,বিশিষ্ট সাহিত্যিক কবীন্দ্ৰ দাস, সংবাদকৰ্মী তথা সাহিত্যিক পলিমা বি চেতিয়া,সমাজকৰ্মী ধ্ৰুৱ বৰা,পৰিচালক তথা অভিনেতা দিগন্ত শৰ্মা, জেষ্ঠ লোকশিল্পী ও অভিনেতা অনিল নাথ আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক ফে’লশ্বিপ প্ৰাপ্ত গীতাঞ্জলি দেৱী, সংবাদকৰ্মী ভাস্কৰজ্যোতি লহকৰ,সমাজকৰ্মী দীপজ্যোতি বৰুৱা লগতে অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে তেখেত সকলৰ বক্তব্যত প্ৰাক্ শংকৰী যুগৰ নাটকৰ প্ৰসংগৰে বাটৰ নাটৰ পৰা বুৰঞ্জীমূলক নাটকৰ এক সমীক্ষাত্মক পৰ্যালোচনা দাঙি ধৰাৰ লগতে প্ৰণালীবদ্ধ বা পদ্ধতিগত নাট্যচৰ্চাৰ ক্ষেত্ৰত “ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰ’ই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ঢেকিয়াজুলিক এক ধাৰাবাহিক নাট্যচৰ্চাৰ পৰিবেশ প্ৰদান কৰি নতুন ধাৰা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে ৷

নাট্য চৰ্চা কেন্দ্ৰটোৰ প্ৰথমটো পাঠদান আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশিষ্ট নাট্যকৰ্মী ভূৱন দাসে ৷ স্কুলৰ দুকুৰিতকৈও অধিক ছাত্ৰ-ছাত্ৰী সকলৰ উপৰিও বহু সংখ্যক জেষ্ঠ লোকেও এই নাট্য চৰ্চা কেন্দ্ৰত নামভৰ্তি কৰাৰ উপৰিও প্ৰথমদিনাৰ পাঠদানত উপস্থিত অংশগ্ৰহণ কৰে ৷ জনপ্ৰিয় গায়ক পাপনৰ “তোমাৰ কথা ভাবিলেই জানা“ গীতটি গাই অনুষ্ঠানটি উপভোগ্য কৰি তোলে কাজল বৰাৰ লগতে স্বৰচিত গীতেৰে অনুষ্ঠানটি জীপাল কৰি তুলিলে অভিজিত কৌশিক,দেৱপ্ৰদীপ বৰুৱা আৰু ঋষিৰাজ কৌশিকে ৷

বিশিষ্ট নাট্যকৰ্মী মিলন দত্তই আঁত ধৰা এই অনুষ্ঠানটিত ৰূপকথা নাট্য চৰ্চা কেন্দ্ৰৰ পৰিচালক তথা মূখ্য প্ৰশিক্ষক সমৰ মালাকাৰ আৰু আহ্বায়ক ভাস্কৰজ্যোতি লহকৰে উপস্থিত সকলোকে উদ্বোধনী অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত সময়টো এই নাট্য চৰ্চা কেন্দ্ৰটোৰ প্ৰতি গঠনমূলক দিহা-পৰামৰ্শৰ লগতে আন্তৰিক সহযোগিতাৰ কামনা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *