কাজিৰঙাৰ কাষৰীয় গাঁৱৰ ১০ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান, দুটা ৰেঞ্জত এতিয়াও চলি আছে প্ৰতিষেধক প্ৰদানৰ অভিযান :

কাজিৰঙা লাইভ, বোকাখাত, ৩ জুন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ স্বাস্থ্যৰ নিৰাপত্তা বহু পৰিমানে নিৰ্ভৰ কৰে কাষৰীয় অঞ্চলৰ পওহনীয়া গৰু ম’হৰ ওপৰত ৷ যাৰ বাবে কাষৰীয়া গাওঁবোৰৰ পোহনীয়া গৰু, ম’হক প্ৰতি বছৰতেই উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা বিনামুলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ চলিত বৰ্ষতো প্ৰদান কৰা হৈছে এই প্ৰতিষেধক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁত যোৱা এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদানৰ অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত, বোকাখাত আৰু বুঢ়াপাহাৰ বনাঞ্চলত এই অভিযানৰ সামৰণি পৰিছে ৷ এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানখৰ কাষৰীয় গাওঁবোৰৰ পশুধনক চবকা, গলফুলা আৰু জহৰবাতৰ দৰে সংক্ৰমিত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰায়ভেক নামৰ প্ৰতিষেধক বিধ প্ৰদান কৰা হৈছে ৷ আন্ত:ৰাষ্ট্ৰীয় সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে এই প্ৰতিষেধৰ যোগান ধৰিছে ৷ বিগত চাৰিটা বছৰত পশু চিকিৎসা বিভাগৰ সহযোগত কাষৰীয় গাওঁৰ পশুধনক প্ৰদান কৰি অহা হৈছে এই প্ৰতিষেধক ৷ চলিত বৰ্ষৰ মে’ মাহত কাজিৰঙাৰ বোকাখাত বনাঞ্চলৰ কাষৰীয় গাওঁ আৰু চপৰিৰ মুঠ ৩,০২২ টা গৰু ম’হ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১,৫৮৪ টা গৰু ম’হ ৰ লগতে অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাওঁৰ মুঠ ৩,৯৪৫ টা গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কাৰ্যৰ সামৰণি পৰিছে ৷ এতিয়ালৈকে কাষৰীয় গাওঁৰ ১০,৬৩৯ টা পশুধনক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত সম্প্ৰতি এই অভিযান চলি আছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰতিষেধক প্ৰদান অভিযানত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ আৰু নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ পশু চিকিৎসা বিভাগৰ পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক , গোপাল মিত্ৰ আৰু মৈত্ৰি সদস্যই সহায় কৰে ৷ যাৰ বাবে তিনিটা বনাঞ্চলত এই বৃহৎ সংখ্যক পশুধনক প্ৰতিষেধ প্ৰদান কৰিব পৰা গৈছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ বুঢ়াপাহাৰ বনাঞ্চলত আৰণ্যকৰ আৰিফ হোছেইন , বাগৰিত বিশ্ব প্ৰকৃতি নিধিৰ ডা৹ পৰীক্ষিত কাকতী , কহঁৰা বনাঞ্চলত কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে অগৰাতলি আৰু বোকাখাত বনাঞ্চলত অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই প্ৰতিষেধক প্ৰদানৰ এই অভিযান পৰিচালনা কৰে ৷ কাষৰীয় গাওঁৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মাজৰ গৰু ম’হৰ চাপৰিতো ২০১৬ চনৰ পৰাই পোহনীয়া গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে বুলি বিভাগীয় সুত্ৰই প্ৰকাশ কৰিছে৷ যাৰ বাবে বিগত সময়ত এইবোৰ অঞ্চলত সংক্ৰমন ৰোগৰ হোৱাৰ বাতৰি পোৱা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *