কাজিৰঙাত পথ দুৰ্ঘটনা। আহত বনকৰ্মী

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৩ জুন: ১৪৪ ধাৰা অব্যাহত থকাৰ সময়তে কাজিৰঙাত পথ দুৰ্ঘটনা। অধিবক্তাৰ বাহনৰ খুন্দাত গুৰুত্বৰভাৱে আহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী। আহত বনকৰ্মীজন ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত কৰ্মৰত সুজিৎ দাস বুলি জানিব পৰা গৈছে। কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত চেপেনাকোবোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত যোৰহাটৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS 12R 2118 মাৰুটি চিয়াজ গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় স্কুটীত গৈ থকা বনকৰ্মীজন । আহত বনকৰ্মীজনক চিকিৎসাৰ বাবে বোকাখাত অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *