বোকাখাত আৰক্ষী থানালৈ প্ৰকৃতি সংগঠন আৰন্যকৰ উচ্চ প্ৰযুক্তিৰ চি চি কেমেৰা প্ৰদান :

কাজিৰঙা লাইভ, বোকাখাত, ৪ জুন: বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত হোৱা পথ দূৰ্ঘটনা বা যানবাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰিও বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন কৰাত সহায়ক হোৱাকৈ দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে বোকাখাত আৰক্ষী থানাত দুটা উচ্চ শক্তি সম্পন্ন চি চি কেমেৰা প্ৰদান কৰিছে ৷ আজি পুৱা বোকাখাত আৰক্ষী থানাত গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ হাতত আৰণ্যকৰ আইন কোষৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্যই আনুষ্ঠানিক ভাৱে কেমেৰা দুটা প্ৰদান কৰে ৷ বোকাখাতৰ ৰূপজ্যোতি কম্পিউটাৰে সংস্থাপিত কেমেৰা দুটাই বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন আৰু পথ দুৰ্ঘটনা বা যানবাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰিও অনান্য অপৰাধ নিয়ন্ত্ৰনতো সহায় কৰিব বুলি মন্তব্য কৰে আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াই ৷ বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত আৰণ্যকৰ কৰ্মকৰ্তাৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা , বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু ইমজাৰ হৈ দিব্যজ্যোতি হাজৰিকা, মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু যানবাহন শাখাৰ বিষয়া গোবিন কাকতিয়ে বোকাখাত আৰক্ষীক সহায় কৰাৰ বাবে আৰণ্যকৰ শলাগ লয় ৷ অনুষ্ঠানৰ শেষত কেমেৰাৰ বুটাম টিপি চি চি কেমেৰাৰ কাৰ্যৰ শুভাৰম্ভ কৰে উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *