কাজিৰঙা-কলিয়াবৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ জুন: আজি বিশ্ব পৰিবেশ দিৱস ৷ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা এক অনুষ্টুপীয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ ২০১৬ চনত হোৱা উচ্ছেদৰ পাছত কিছু দিনৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত হোৱা বান্দৰডুবিত আয়োজন কৰা গছ পুলি ৰোপণৰ কাৰ্যসূচীত এটি গছ পুলি ৰোপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ অনুষ্ঠানত কেইগৰাকীমান চুবুৰীয়া ছাত্ৰ-ছাত্ৰীক গছ পুলি বিতৰণ কৰে মন্ত্ৰী মহন্তই ৷ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে বান্দৰডুবি অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এখন আকৰ্ষণীয় পৰ্যটন এলেকা হিচাবে গঢ় লৈ উঠিব ৷ আনহাতে, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ভড়ালী নামঘৰ পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত আজি নামঘৰ চৌহদত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে । স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, মহকুমাধিপতি বিতোপন নেওগ উপস্থিত থাকে । ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰ চৌহদত এখন অৰ্কিড উদ্যান নিৰ্মাণ কৰাৰ প্ৰস্তুতিৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই এক পৰিকল্পনা হাতত লোৱা বুলি মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে । ইফালে মন্ত্ৰী গৰাকীয়ে আজি কলিয়াবৰৰ বিভিন্ন স্থানত অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ হ’ব লগা বহু কেইটা পথৰ আধাৰশিলা কৰাৰ লগতে অসম সমবায় মৰাপাট কল কৰ্মী সন্থাৰ কাৰ্যালয় গৃহ আৰু অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা উচ্চ ক্ষমতাসম্পন্ন জেনেৰেটৰটোৰ শুভ উদ্ধোধন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *