নিশাৰ কাজিৰঙাত বালি মাফিয়াৰ দপদপনী।

ডোমজান গাওঁৰক্ষী বাহিনীৰ তৎপৰতাক শলাগ কাজিৰঙাবাসীৰ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ,৫ জুন : এফালে প্ৰকৃতি সুৰক্ষাৰ বাবে উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস আনফালে কাজিৰঙাত মাজনিশা বালি মাফিয়াৰ দপদপনী ৷ আৰক্ষী,বন বিভাগৰ নাকৰ তলেদি দৈনিক অব্যাহত আছে ডাম্পাৰে ডাম্পাৰে বালিৰ অবৈধভাৱে সৰবৰাহ ৷ উল্লেখ্য যে বৃহস্পতিবাৰে মাজনিশা কাজিৰঙাৰ ডোমজান গাওঁত এখন বালি ডাম্পাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিজকে বোকাখাত আছুৰ সম্পাদক বুলি দম্ভালি মৰা পবিত্ৰ হাজৰীকা নামৰ এজন বালি মাফিয়াই কোনো ধৰণৰ বৈধ নথিপত্ৰ নোহোৱাকৈ বালি সৰবৰাহ কৰি অহাৰ সময়তে ডোমজান গাওঁৰক্ষী বাহিনীৰ তৎপৰাত ধৰা পৰিল সমগ্ৰ কাণ্ড ৷ মাজনিশা গাওঁৰ ভিতৰত অধিক বেগত প্ৰৱেশ কৰা AS 05 AC 5391 নম্বৰৰ ডাম্পাৰ খনক সেই সময়ত কৰ্তব্য পালন কৰি থকা ডোমজান গাওঁৰক্ষী বাহিনীয়ে বাহন খন ৰখাবলৈ সংকেত দিয়ে যদিও তেওলোকে অমান্য কৰে ৷ ইয়াৰ পাছতে বালি নমাই থকাৰ সময়ছোৱাত গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়াই বিষয়টোৰ সন্দৰ্ভত সোধ পোছ কৰাত নিজকে আছুৰ সম্পাদক বুলি কৈ সৰবৰাহ কৰা বালিৰ কোনো ধৰনৰ নথি পত্ৰ নাই বুলি দম্ভালিহে মাৰে ৷ আনহাতে নিজকে আৰক্ষীৰ মানুহ বুলি চিনাকী দি ফুৰা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা গাওঁলৈ সোমোৱা পথত দায়িত্বত নিয়োগ কৰা পূৱ বচা গাওৰক্ষী বাহিনীয়ে গমকে নাপালে এই ঘটনা ৷ এতিয়া প্ৰশ্ন হয় আছুৰ স্বয়ম্ভু এনে নেতাৰ বাবে প্ৰযোজ্য নহয় নেকি আৰক্ষী,বন বিভাগৰ আইন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *