কাজিৰঙা কলেজত ২০২০-২১ শিক্ষাবৰ্ষৰ নামভৰ্ত্তি আৰম্ভ। অনলাইন যোগে হব নামভৰ্ত্তি

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ,৫ জুন : ২০১০ চনত প্ৰতিষ্ঠা লাভ কৰা কাজিৰঙাবাসীৰ আৱেগ তথা স্বাভিমান স্বৰূপ কাজিৰঙা মহাবিদ্যালয়ে সফলতাৰে অতিক্ৰম কৰিলে গৌৰৱউজ্জল দহটা বছৰ। বছৰে বছৰে সফল ভাৱে বহু ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰি তুলিবলৈ সক্ষম হৈছে কাজিৰঙাৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কাজিৰঙা মহাবিদ্যালয়ে ৷ চলিত বৰ্ষতো ন-শিক্ষাৰ্থীক আদৰিবলৈ সাজু হৈছে কাজিৰঙা মহাবিদ্যালয় কৰ্তৃপক্ষ ৷
সাম্প্ৰতিক পৰিস্থিতি তথা কৰ’না মহামাৰীৰ আতংকৰ বাবে এইবাৰ মহাবিদ্যালয় কৰ্তৃপক্ষই অনলাইন যোগে নামভৰ্ত্তিৰ ব্যৱস্থা কৰিছে ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক ৮১৩৩৯০৯১৩৩ নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে ৷ তদুপৰি www.kazirangacollege.ac.in শীৰ্ষক ৱেবছাইতৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব পাৰিব বুলি জনাইছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷২০২০-২১ শিক্ষাবৰ্ষৰ উচ্চতৰ মাধ্যমিক (কলা)শ্ৰেণীৰ নামভৰ্ত্তিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ তাৰিখ ৬ জুনৰ পৰা ১০ জুনলৈকে অব্যাহত থাকিৱ ৷ লগতে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে হোষ্টেলৰ ব্যৱস্থা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *