হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

কাজিৰঙাত সফলতাৰে উত্তীৰ্ণ ৮৩ জন শিক্ষাৰ্থী

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ৬ জুন : শনিবাৰে ঘোষণা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৩৮ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হল ৩১ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে এগৰাকী ষ্টাৰ সহিতে মুঠ দুগৰাকী প্ৰথম বিভাগ,দহগৰাকী দ্বিতীয় আৰু ১৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ন হয় ৷ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ অৱতীৰ্ণ হোৱা ৩৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হল ১৫ গৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে ৬ গৰাকী দ্বিতীয় আৰু ৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ শংকৰদেৱ শিশু নিকেতন কাজিৰঙাৰ মুঠ অৱতীৰ্ণৰ সংখ্যা আছিল ২৮ গৰাকী ৷ ইয়াৰ ভিতৰত ২৭ গৰাকী উত্তীৰ্ণ হয় ৷ ইয়াৰে প্ৰথম বিভাগত ১৫ গৰাকী,দ্বিতীয় দহগৰাকী আৰু তৃতীয় বিভাগত দুগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় ৷ইয়াৰে দুগৰাকী ডিষ্টিংশ্যন আৰু ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰি কাজিৰঙালৈ গৌৰব কঢ়িয়াই আনে ৷ইয়াৰোপৰি নিকেতনখনৰ এগৰাকী শিক্ষাৰ্থীয়ে উচ্চ গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিকেতনখনে মুঠ ৩৭ টা লেটাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ একেদৰে কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২২ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ছগৰাকী শিক্ষাৰ্থী ৷ ইয়াৰে এগৰাকী দ্বিতীয় আৰু পাঁচ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷আনহাতে কাজিৰঙাৰ ৰাইজিং চান ইংলিচ স্কুলৰ অৱতীৰ্ণ হোৱা চাৰিগৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় ৷ ইয়াৰে এগৰাকী প্ৰথম আৰু তিনিগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *