বোকাখাত সাপজুৰিত বজাৰগৃহৰ আধাৰশিলা স্থাপন।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ জুন: বোকাখাত মহকুমাৰ সাপজুৰি সাপ্তাহিক বজাৰত আজি নাবাৰ্ডৰ বিত্ত সাহাৰ্য্যত বজাৰগৃহৰ আধাৰশিলা স্থাপন কৰে কৃষি মন্ত্ৰী অতুল বৰাই। দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা গৃহটোৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস মোদী, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া অভিজিত বৰুৱা, নাবাৰ্ডৰ উচ্চ পদস্থ বিষয়া সুশান্ত চক্ৰবৰ্তীকে প্ৰমুখ্য কৰি বহুকেইজন উচ্চপদস্থ বিষয়া।আধাৰশিলা স্থাপন কৰি কৃষিমন্ত্রী গৰাকীয়ে কয় যে বজাৰগৃহ স্থাপন হলে থলুৱা ব্যবসায়ী সকল যথেষ্ট পৰিমাণে উপকৃত হব।

Leave a Reply

Your email address will not be published. Required fields are marked *