৭৫ টা দিন বন্ধৰ পাছত কাজিৰঙাৰ শ্ৰী শ্ৰী কাকগোসাঁনী মহামায়া দুৰ্গা থান আৰু হালধীবাৰী বুঢ়ীমাই মন্দিৰৰ দ্বাৰ মুকলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ জুন: আজিৰে পৰা কিছু নিয়মাৱলীৰ মাজেৰে ধৰ্মীয় অনুষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ৷ কাজিৰঙাৰ আহোম ৰজা স্মৃতি বিজড়িত শ্ৰী শ্ৰী কাকগোসাঁনী মহামায়া দুৰ্গা থান আৰু কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সমীপত থকা হালধীবাৰী বুঢ়ীমাই মন্দিৰতো চৰকাৰে দিয়া নিয়মাৱলী পালন কৰি আজিৰে পৰা ভক্ত সকলে দেৱীৰ চৰণত অৰ্পণ কৰিছে নৈবদ্য ৷ প্ৰায় ৭৫ টা দিন বন্ধৰ পাছত আজিৰে পৰা ভক্তসকলে সেৱা আগবঢ়াইছে দেৱীৰ চৰণত ৷ সামাজিক দুৰত্ব মানি মুখত মাক্স পৰিধান কৰিলেহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰৰ ভিতৰত ৷ চৰকাৰী নিয়ম অনুসৰি মন্দিৰৰ মূৰ্তি বা প্ৰতিমাক স্পৰ্শ কৰিব নোৱাৰিব ভক্তসকলে ৷ তদুপৰি ভক্তসকলে বহাৰ আসন নিজে লৈ আহিব লাগিব আৰু প্ৰসাদ বিতৰণ বা পবিত্ৰ জল ছটিওৱা নিষেধ কৰিছে থান পৰিচালনা সমিতিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *