কাজিৰঙাত গ্ৰাহকৰ বাবে মুকলি হোটেল, ৰেষ্টোৰেণ্ট

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ জুন :আজিৰে পৰা কিছু নীতি নিয়মাৱলীৰ মাজেৰে ৰেষ্টুৰেণ্টসমুহ খোলাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ৷ কাজিৰঙাতো আজিৰে পৰা গ্ৰাহকক সুৰক্ষিত ভাৱে আহাৰ যোগানৰ বাবে সাজু হৈছে ৰেষ্টুৰেণ্টসমুহ ৷ কহঁৰাৰ পেলিকান ৰেষ্টুৰেণ্টত প্ৰায় ৭৫ টা দিন বন্ধ থকাৰ পাছত চৰকাৰে দিয়া নীতি-নিয়ম পালন কৰি গ্ৰাহকক ন উদ্যমেৰে আদৰিবলৈ সাজু হৈছে ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰী সকল ৷ ৫০ শতাংশ আসন ব্যৱহাৰ কৰাৰ লগতে ৰেষ্টুৰেণ্টৰ মেন্যু এবাৰ ব্যৱহাৰযোগ্য কৰিছে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই আৰু প্ৰৱেশ পথত শ্বেনিটাইজাৰ ব্যৱস্থা কৰাৰ লগতে থাৰ্মেল স্ক্ৰেনিংৰ ব্যৱস্থা কৰিছে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই ৷ তদুপৰি নিদিষ্ট ব্যৱধানৰ মাজেৰে খাদ্য গ্ৰহণ কৰিব লাগিব গ্ৰাহকে আৰু সামাজিক দুৰত্বৰ বাবে চিহ্ন ব্যৱহাৰ কৰিছে প্ৰতিখন ৰেষ্টুৰেণ্টে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *