কাজিৰঙাত অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰিছে গ্ৰাহকক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ জুন: কাজিৰঙাত অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰিছে বিদ্যুৎ গ্ৰাহকক ৷কাজিৰঙাৰ একাংশ বিদ্যুৎ গ্ৰাহকৰ অভিযোগ মতে এ পি ডি চি এলৰ বোকাখাত বিদ্যুৎ সংমণ্ডলৰ বিদ্যুৎ মাচুল সংগ্ৰহৰ ক্ষেত্ৰতহে তৎপৰতা দেখা পোৱা যায় যদিও গ্ৰাহকক নিয়মীয়া বিদ্যুৎ যোগান দিয়াৰ ক্ষেত্ৰত কিন্তু গাফিলতিৰহে প্ৰদৰ্শন কৰি আহিছে ৷ অভিযোগ মতে প্ৰায় প্ৰতিদিনে এঘন্টা বা আধাঘণ্টাৰ বিৰতিতে বিদ্যুৎ কৰ্তন কৰি বিদ্যুৎ বিভাগে অতিষ্ঠ কৰি আহিছে বিদ্যুৎ গ্ৰাহকক ৷আনহাতে গ্ৰাহকক কোনো আগজাননী নিদিয়াকৈ কেতিয়াবা চাৰি পাঁচ ঘণ্টা পৰ্যন্ত বিদ্যুৎ কৰ্তন কৰি গ্ৰাহকৰ প্ৰতি থাকিব লগিয়া সাধাৰণ দায়বদ্ধতাকো আওকান কৰি অহাৰো অভিযোগ উত্থাপন হৈছে ৷ এনেক্ষেত্ৰত কাজিৰঙাৰ বিদ্যুৎ গ্ৰাহকে কাজিৰঙাত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ ব্যৱস্থা লব’লৈ বিদ্যুৎ বিভাগক দাবী জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *