কলিয়াবৰত মুখ্যমন্ত্ৰী সোণোৱাল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১০ জুনঃ
অসম চৰকাৰৰ মীন বিভাগৰ অৰ্থ সাহাৰ্যৰে কলিয়াবৰৰ দুগৰাকী উদ্যমী যুৱকে আৰম্ভ কৰা মীন পালন প্ৰকল্প এটি আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ২৫ ফুট বহল আৰু ৫ ফুট গভীৰকৈ নিৰ্মিত কংক্ৰিটৰ টেংকী সদৃশ ৮ টা কৃত্ৰিম পুখুৰী নিৰ্মাণ কৰি একে সময়তে ৪০ কুইন্টল থলুৱা মাছৰ উৎপাদন কৰা হ’ব এই প্ৰকল্পটিত । ৰিচাৰকুলেটৰী একুৱাকালচাৰ চিষ্টেম চমুকৈ “ৰাছ” আঁচনিৰ অধীনত ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য লাভ কৰি কলিয়াবৰৰ শৈলেন্দ্ৰ গোস্বামী আৰু ধনঞ্জয় উপাধ্যায় নামৰ যুৱকদ্বয়ে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে চাৰে চাৰি বিঘা মাটিত আৰম্ভ কৰিছে এই ৰিচাৰকুলেটৰী একুৱা কালচাৰ চিষ্টেম প্ৰকল্প । ৫০ লাখ টকাৰ এই আঁচনি খন অসম চৰকাৰৰ মীন বিভাগে পুনৰাৱৰ্তন জলীয় কৃষি পদ্ধতিৰে মৎস্য পালন কৰি নীল বিপ্লৱৰ সূচনা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত থলুৱা মাছৰ চাহিদা বৃদ্ধি পোৱাৰ লগতে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিব বুলি আশা কৰে মুখ্যমন্ত্ৰী সোণোৱালে । আজিৰ এই উদ্বোধনী অনুষ্ঠানত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ, স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, জিলা উপায়ুক্ত যাদৱ শইকীয়া, মহকুমাধিপতি বিতোপন নেওগৰ লগতে মীন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *