কাজিৰঙা আৰু মণিপুৰী চিকাৰীঃ আজিৰ দিনটোৰ বিশেষ অভিজ্ঞতা সুঁৱৰিলে আৰক্ষী বিষয়া দেৱেন বৰাই।

কাজিৰঙা লাইভত আৰক্ষী বিষয়াৰ স্মৃতি ৰোমন্থনঃ কাজিৰঙাত মনিপুৰি পাইটে চিকাৰী দলৰ ওপৰত ২০১৮ বৰ্ষৰ আজিৰ দিনটোতে এক ডাঙৰ আঘাত হৈছিল যিটো কাজিৰঙাৰ কাৰণে অত্যন্ত লাভজনক হ’ল বৰ্তমান সময়লৈকে । একে সময়তে মণিপুৰি চিকাৰীৰ গতি-বিধি, শুংসূত্ৰৰ লগতে সিহঁতৰ কৌশল আৰু অৱলম্বন কৰা পদ্ধতিৰ বহু তথ্য মজুত হৈছিল ৷ মণিপুৰি চিকাৰীৰ দলে বছৰৰ অক্টোবৰ পৰা মে’ মাহলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিকাৰৰ বাবে বাচি লোৱাৰ এক তথ্যও অনুসন্ধানত পোহৰলৈ আহিছিল ৷ ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল এই চিকাৰী দলৰ বাবে সহজ লক্ষ্য, কিয়নো আশ্ৰয়ৰ বাবে কাষৰীয়া দুৰ্গম কাৰ্বি পাহাৰ বাচি লয় চিকাৰীয়ে ৷ ২০১৮ বৰ্ষতো অক্টোবৰ মাহত নগাঁও জিলাৰ জখলাবন্ধা হৈ চিকনি পাহাৰ আৰু শাকমঠা হৈ কাৰ্বি আংলং জিলাৰ ৰাম লক্ষণ পাহাৰৰ খৰচাং এলেকাত আশ্ৰয় লৈ বুঢ়াপাহাৰত বনাঞ্চলত চোৰাংচিকাৰ অব্যাহত ৰাখিছিল মণিপুৰী চিকাৰীৰ দলে । সাধাৰণতে অক্টোবৰৰ পৰা মে’ লৈকে উক্ত পাহাৰত থাকি বুঢ়াপাহাৰ বনাঞ্চলত গড় মাৰি একেই ধৰণে জখলাবন্ধা হৈ মনিপুৰলৈ গুছি যায় ৷ চিকাৰীৰ দলটোৱে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ পাহাৰতে লুকুৱাই থৈ যায় । পুনৰ পাহাৰলৈ একে পথেৰে আহি সেই অস্ত্ৰ-শস্ত্ৰ উলিয়াই বছৰ বছৰ বুঢ়াপাহাৰ বনাঞ্চলত চোৰাংচিকাৰ অব্যাহত ৰাখিছিল । কিন্তু ২০১৮ চনৰ মে’ মাহৰ ১১ তাৰিখে মণিপুৰি চিকাৰীয়ে যি গঁড় হত্যা কৰিলে সেয়া চিকাৰীৰ কাৰনে কাল হ’ল আৰু কাজিৰঙাৰ বাবে এক উপকাৰ হ’ল ভবিষ্যতলৈ । চিকাৰীৰ দলটোৱে গঁড় চিকাৰ কৰি পুৱতি নিশা অৰ্থাৎ ১২ মে’ ২০১৮ পুৱতি নিশা ২ বাজি ৫৫ মিনিটত বুঢ়াপাহাৰৰ আমগুৰি বাগান হৈ ৰাষ্ট্ৰীয় ঘাইপথ ওলাই আহোঁতে মোৰ আৰক্ষীৰ দলটোৰ স’তে এক সংঘৰ্ষ হয় যদিও চিকাৰীৰ দলটো পাহাৰলৈ উঠি যাবলৈ সক্ষম হয় ৷ পাহাৰত যোৱাৰ পিছৰ পৰা চিকাৰীৰ দলটোৰ পিছ লোৱা হয় আৰু বহু কষ্টৰ ফলত পাহাৰৰ পৰা ওলাই গৈ গুৱাহাটীলৈকে অনুসৰণ কৰি কৰায়ত্ব কৰা হয় আৰু পিছত সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিত কাৰ্বি পাহাৰৰ ৰামলক্ষণ পাহাৰৰ খৰচাং নামে ঠাইৰ অটব্য জংঘলৰ শিলৰ তলৰ পৰা লুকুৱাই থোৱা অৱস্থাত AK 47 আৰু গুলী উদ্ধাৰ কৰা হয়,য’ত উক্ত অস্ত্ৰৰে চিকাৰীয়ে বহু বছৰ ধৰি বুঢ়াপাহাৰত চোৰাংচিকাৰ কৰি আহিছিল । উক্ত চিকাৰী দলে বুঢ়াপাহাৰত AK-47, M-4, Pump Action Rifle – ৰে গঁড় হত্যা কৰা পৰিলক্ষিত হৈছিল ৷ কিন্তু যোৱা দুটা বৰ্ষত চিকাৰীয়ে বুঢ়াপাহাৰ বনাঞ্চলত গঁড় হত্যা কৰিব নোৱাৰাৰ কাৰণ নিশ্চয় সহজে অনুমেয় ৷

২০১৮ বৰ্ষৰ আজিৰ দিনটোতে (২১ মে’ ) বুঢ়াপাহাৰ বনাঞ্চল আৰু ইয়াৰ কাষৰীয় কাৰ্বি পাহাৰত চলা এক অভিযানৰ ফলত মণিপুৰী পাইটে চিকাৰীৰ এক দীৰ্ঘদিনীয়া চিকাৰ কৌশল, পদ্ধতি ফাদিল হয় ৷ যাৰ বাবেই বিগত দুটা বৰ্ষ বুঢ়াপাহাৰ বনাঞ্চলত এনে চিকাৰী দলে পাহাৰত আশ্ৰয় লৈ চিকাৰ কৰিব পৰা নাই ৷ জখলাবন্ধাৰ তেতিয়া কৰ্মৰত আৰক্ষী বিষয়া দেৱেন বৰাই চলোৱা এই অভিযানৰ কথা সুঁৱৰি আজিৰ দিনটোতে বিভিন্ন মাধ্যমত প্ৰকাশ কৰা অভিজ্ঞতা “কাজিৰঙা লাইভ” ৰ পঢ়ুৱৈলৈ সম্পাদিত ৰূপত আগবঢ়োৱা হ’ল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *