আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। উকা কাজিৰঙাৰ পৰ্যটন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ জানুৱাৰী: আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ৷ সমগ্ৰ ভাৰততে পৰ্যটন ক্ষেত্ৰসমুহত উদযাপন হৈছে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ৷ কিন্তু অসম পৰ্যটনৰ হৃদপিণ্ড স্বৰূপ কাজিৰঙাত আজিৰ দিনটোত নিমাওমাও পৰিৱেশ ৷ অসম পৰ্যটনৰ কাজিৰঙাত থকা জুপুৰী ঘৰ, অৰণ্য, কুঞ্জবন, বনশ্ৰী, বনানীকে ধৰি মুঠপাচঁখন অতিথিশালাৰে এতিয়া জৰাজীৰ্ণ ৰূপ ৷ এজাক বতাহ দিলেই উৰুৱাই নিয়ে টিনপাত, ভাঙি লৈ যায় দুৱাৰ ৷কৰবাত যদি নাই বিছনা আন কৰবাত নাই খিৰিকি ৷ ইয়াৰে দুখন পৰ্যটন নিৱাস ইতিমধ্যে জহি-খহি শেষ হল,বাকী তিনিখনে আশা কৰিছে এজাক বতাহ-ধুমুহাৰ ৷ আনহাতে কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ নৈশ যাপনৰ বাবে প্ৰথম পচন্দ হৈ পৰা জুপুৰী ঘৰ নামৰ অতিথিশালাটো সম্প্ৰতি মৰিশালীত পৰিণত হৈ পৰিল ৷ডাঠ হাবিয়ে আবৰি ধৰিল অসম পৰ্যটনৰ জুপুৰী ঘৰ ।ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনটো কাজিৰঙাত উদযাপন নকৰাটো দুখজনক বুলি মন্তব্য কৰিছে কাজিৰঙাৰ সচেতন মহলে ৷ ৰাইজৰ অভিযোগ যে অসমৰ সৰ্ববৃহৎ উদ্যোগটো আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাদৰ পাতি লক্ষ লক্ষ টকা ব্যয় কৰিছিল অসম পৰ্যটনে ৷ ইয়াৰ পাছত ত্ৰিশ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত ফ্লিমফেয়াৰ এৱাৰ্ড পাতিবলৈ উলাইছে পৰ্যটন বিভাগে ৷কিন্তু ইয়াৰ সমান্তৰালকৈ কাজিৰঙাত থকা পাচঁখন অতিথিশালাৰ আন্তগাঠনিৰ কথাও গুৰুত্ব দিয়ক পৰ্যটন বিভাগে ৷ ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনটোত কাজিৰঙাবাসীৰ আহ্বান যে অসম পৰ্যটনে পৰ্যটন উদ্যোগটো অসমৰ লগতে ভাৰতৰ ভিতৰত এক শক্তিশালী উদ্যোগ হিছাপে গঢ়ি তোলক ৷আনহাতে বন বিভাগৰ সূত্ৰ মতে ২০১৭-১৮ পৰ্যটন বৰ্ষত ৫.৬ কোটি টকা,২০১৮ -১৯ পৰ্যটন বৰ্ষত ৪.৮২ কোটি টকা ৰাজহ সংগ্ৰহ হোৱাৰ বিপৰীতে চলিত ২০১৯-২০ পৰ্যটন বৰ্ষত আজিলৈকে মাত্ৰ ১.১৪ কোটি টকা ৰাজহ সংগ্ৰহ হৈছে ৷ইয়াকেলৈ চলিত পৰ্যটন বৰ্ষত ৰাজহ সংগ্ৰহ পূৰ্বৰ তুলনাত নিম্নগামী হোৱাৰ আশংকা প্ৰকাশ কৰিছে বন বিভাগে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *