শিল্পী দিৱসৰ বিশেষ লেখা: ধ্ৰুৱজ্যোতি সাহা

গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যোৱাৰ যাত্ৰা কাজিৰঙাৰ এজাক কণমানিৰ

এগৰাকী খাটিখোৱা শিল্পী কাজিৰঙা নিৱাসী ৰাজকুমাৰ ঠাকুৰ৷ আনৰ চুলি কাটি পেটৰ ভাত মোকলাই লোৱা ৰাজকুমাৰেে নিজকে অসমীয়া সংস্কৃতিৰ অংশীদাৰ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰে৷ সু অভিনেতা ৰাজকুমাৰে এসময়ত সপোন দেখিছিল বিশ্ব পৰ্যটনৰ অন্যতম আকৰ্ষণ কাজিৰঙাত এদিন এখন স্থায়ীভাৱে নাটকৰ পৰিৱেশ স্থাপিত হ’ব৷ ৰেবা ফুকন, খঞ্জন নাথ, মুনীন শৰ্মা, দেৱপ্ৰদীপ বৰা, পুনেন গগৈকে আদি কৰি বিভিন্ন গৰাকী অগ্ৰজে এৰি থৈ যোৱা কাজিৰঙাৰ সাংস্কৃতিক পথাৰত এক নতুন বাট বুলাবলৈ যেন তৎপৰ হৈ উঠিল ৰাজকুমাৰ৷ ৰফিকুল হোছেইন, মদুল বৰুৱা, অমৰ শৰ্মা, ঋতুপৰ্ণ দাস আদিয়ে নাটকৰ বাবে কৰা চিন্তাবোৰৰো যেন বাস্তৱ ৰূপ দিব সি৷ কাৰণ, ৰাজকুমাৰে বুজি পায়, জ্যোতিপ্ৰসাদৰ ‘গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাওঁ’ৰ যি চিন্তা সেয়াহে মূল৷ প্ৰকৃততে নিজা ঠাইৰ বোকা গচকি বিশ্বজনীনভাৱে চিন্তা কৰিব পৰাটোতকৈ ডাঙৰ কথা একোৱেই হ’ব নোৱাৰে৷ ৰাজকুমাৰে ভাবে বৰ্তমান সময়ত চলি থকা সামাজিক অসহিষ্ণুতাই সমগ্ৰ পৰিৱেশ অস্থিৰ কৰি তুলিছে। কেৱল লুণ্ঠনৰ স্বাৰ্থতে চৰকাৰী ভাৱে ষড়যন্ত্ৰ কৰি জনতাৰ মাজত এই অস্থিৰতা বৰ্তাই ৰখা হৈছে। কেৱল সংস্কৃতিয়েহে কেউফালে চলি থকা এই অস্থিৰতা নাইকিয়া কৰিব। ৰাজকুমাৰে কয়, ‘নাটকৰ বাবে জীৱন আৰু জীৱন আছে বাবেই দায়বদ্ধতা আছে৷ সমাজৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি৷ চিন্তাই ঢুকি পোৱালৈ খোজ দিছো ৰাইজৰ লগত৷’ ৰাইজৰ কাৰণে, কাজিৰঙাৰ উঠি অহা প্ৰজন্মৰ কাৰণে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ বুকুত বান্ধি বিভিন্ন অসমীয়া কথাছবি, ধাৰাবাহিকৰ সমান্তৰালভাৱে হিন্দী বোলছবিতো নিজৰ অভিনয় দক্ষতা দেখুৱাবলৈ সক্ষম হোৱা ৰাজকুমাৰে মুম্বাইৰ পৰা উভতি আহিল কাজিৰঙাৰ পথাৰখনলৈ৷ মুঠতে বাস্তৱায়িত কৰিব বুকুত কঢ়িয়াই ফুৰা সপোন৷ কিন্তু, ৰাজকুমাৰে ভবাৰ দৰে মসৃণ নহয় কথাবোৰ৷ বাস্তৱ অত্যন্ত কঠোৰ, কাইটীয়া পোছাক পিন্ধা৷ কাজিৰঙাত নাটকৰ পৰিৱেশ গঢ়িব বিচৰা ৰাজকুমাৰৰ পেটৰ ভাতমুঠি মোকলাবলৈও কষ্ট হ’ল৷ আৰম্ভ হ’ল ৰাজকুমাৰ ঠাকুৰৰ জীৱন সংগ্ৰাম৷ অৰ্থনৈতিক ভাৱে দুৰ্বল ৰাজকুমাৰক সহযোগ কৰিবলৈ নাহিল সততে অসমীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফুলজাৰি মৰা বিয়াগোম নেতা পালিনেতা, মন্ত্ৰী মদাগৰ৷ উপায়ন্তৰ হৈ কাজিৰঙাৰ দিৰিং চাৰিআলিতে এখন চেলুন খুলি বিভিন্নজনৰ চুলি কাটি পেট প্ৰৱৰ্তাবলৈ ধৰিলে ৰাজকুমাৰ ঠাকুৰে৷ সমান্তৰালকৈ সপোনৰ সাকাৰ ৰূপ দিবলৈ অহৰহভাৱে কৰি গ’ল সংগ্ৰাম৷ দাড়ি-চুুলি কটাবলৈ অহা গ্ৰাহকৰ স’তেও প্ৰকাশ কৰিবলৈ ধৰিলে নিজৰ সপোনৰ কথা৷ অৱশেষত সুদিন আহিল ৰাজকুমাৰৰ৷ কাজিৰঙাৰ ৰাইজৰ আন্তৰিক সহযোগিতা আৰু ৰাজকুমাৰৰ কেইবাবছৰ জোৰা ঐকান্তিক কষ্টৰ বলত জন্ম লাভ কৰিলে কাজিৰঙা থিয়েটাৰ আশ্ৰম নামৰ এখন নাটকৰ স্কুল৷ উল্লেখ্য যে ‘জোনদা ইমান গুণ্ডা” চিনেমাখনত হাঁহিৰ খোৰাক যোগোৱা ‘পূৰ্ণ’ৰূপী কাজিৰঙাৰ দিৰিং নিবাসী ৰাজকুমাৰ ঠাকুৰে প্ৰায় ৩০ খন নাটক, ১২খন চলচিত্ৰ, ৪০খন ধাৰাবাহিক, ৫ খন চুটি ছবিত অভিনয় কৰি দক্ষতা প্ৰকাশ কৰিছে৷ সেই ৰাজকুমাৰে ভাত মুঠি গোটোৱাৰ মাজতো শিল্পীজনৰ এটাই সপোন— “কাজিৰঙা থিয়েটাৰ আশ্ৰম” প্ৰতিষ্ঠা কৰি কাজিৰঙাৰ শিশুসকলক এজন নাট্যশিল্পী হিচাপে গঢ়ি তোলাৰ৷ কাজিৰঙাৰ নৱ প্ৰজন্ম অৰ্থাৎ শিশুসকলৰ মনত শিল্প কলাৰ মনোভাৱ জগাই তোলাৰ আপ্ৰাণ চেষ্টাৰে বহু কষ্টৰ মাজেৰে একক প্ৰচেষ্টাত মানুহৰ ঘৰে ঘৰে গৈ এডাল-দুডালকৈ বাঁহ খুজি- মাগি মুকলি আকাশৰ তলত গছ-গছনি তথা এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এখন বাঁহ-মাটিৰ মঞ্চ তৈয়াৰ কৰিবৰ বাবে আহোপুৰুষাৰ্থ চেষ্টা চলাই আছে শিল্পী ৰাজকুমাৰে৷ আজি ১৭ জানুৱাৰী, পবিত্ৰ শিল্পী দিৱসৰ দিনা ১২ বজাত আনুষ্ঠানিক ভাবে কাজিৰঙা থিয়েটাৰ আশ্ৰম উদ্বোধন কৰাৰ ব্যৱস্থা কৰা হয়৷ অন্যহাতে দিনৰ ২ বজাত কাজিৰঙা অঞ্চলৰ এজাক শিশু শিল্পীৰ দ্বাৰা ৰাজকুমাৰ ঠাকুৰৰ কাহিনী আৰু পৰিচালনাত, অসমৰ বিশিষ্ট নাট্যকাৰ বিপ্লৱজ্যোতি ভূঞাৰ নাটক “কাজিৰঙা- এক অন্য গাঁথা” নাটখন মঞ্চস্থ কৰা হ’ব৷ প্ৰায় এমাহ কাল কাজিৰঙাৰ কুৰিজন ন-শিকাৰু শিশুক লৈ দিনে নিশাই প্ৰচণ্ড শীতক নেওচি নাটকখনৰ অনুশীলন সম্পন্ন কৰি এক ব্যতিক্ৰমী শৈলীৰে মঞ্চস্থ কৰিবলৈ সাজু হৈছে কাজিৰঙা- অন্য এক গাঁথা৷ ৰাজকুমাৰৰ পৰিচালনাত নাটকখনত ফুটাই তুলিব খুজিছে কাজিৰঙাৰ গঞা ৰাইজৰ অভাৱ, বন্যপ্ৰাণীৰ স’তে সংঘাত, গঁড় সংৰক্ষণত ৰাইজৰ ভূমিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বসবাস কৰা থলুৱা লোকক কৰা প্ৰবঞ্চনা আদি বিষয়বস্তু৷ সেই সমলখিনিকে লগত লৈ কঁকালত টঙালি বান্ধি কাজিৰঙা ৰক্ষাৰ শপত আদিৰে এখন ভিন্নধৰ্মীৰ নাটক পৰিৱেশন কৰাৰ প্ৰস্তুতি সম্পন্ন কৰিছে শিল্পী ৰাজকুমাৰে৷ কাজিৰঙা নিৱাসী শিল্পী ৰাজকুমাৰৰ মতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ প্ৰতি বছৰ দেশ বিদেশৰ পৰ্যটকৰ আগমন ঘটে কাজিৰঙাত। কাজিৰঙালৈ অহা পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যানখন সফলতাৰে শতবৰ্ষতকৈও অধিক কাল সংৰক্ষণ কৰাত কাষৰীয়া লোকৰ অবদান, অসমীয়াৰ কলা-কৃষ্টি আদিবোৰ ন শিকাৰো এজাক শিশু শিল্পীৰ দ্বাৰা নাটক পৰিবেশন কৰাই দেশ-বিদেশত প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছে। ৰাজকুমাৰে চিন্তা কৰিছে কাজিৰঙাৰ পথাৰৰ পৰাই আৰম্ভ হওক অসমীয়া নাটকৰ সুদিন৷ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যোৱাৰ যাত্ৰা৷

দূৰভাষঃ 8399841936

Leave a Reply

Your email address will not be published. Required fields are marked *