দুধৰ্ষ চোৰাং চিকাৰী এইবাৰ নামিল তেল টেংকাৰ চুৰিত। কুখ্যাত মজিবুৰ সহ আটক সাত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ নৱেম্বৰ: এসময়ৰ দুধৰ্ষ চোৰাং চিকাৰী সম্প্ৰতি নামি পৰিছে তেলৰ টেংকাৰ চুৰিৰ দৰে জঘন্য দুস্কাৰ্যত । দুখনকৈ তেল ভৰ্ত্তি টেংকাৰ চুৰি কৰি তেল বিক্ৰী কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে জখলাবন্ধা থানা এলেকাৰ বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত কুঠৰীৰ পৰা আটক কৰিছে এসময়ৰ দুধৰ্ষ চোৰাং চিকাৰী মজিবুৰ ৰহমান সহ ৭ জনকৈ চোৰাং ব্যৱসায়ীক । জানিব পৰা মতে, ডি এচ পি মানৱ শইকীয়াই পোৱা এক গোপন সুত্ৰৰ ভিত্তিত তেখেতৰ নেতৃত্বতেই চলিছিল এই অভিযান। জখলাবন্ধা থানাৰ গোচৰ নং 138/19, U/S 379 আৰু,139/19, U/S 392 ভিত্তিত এই ঘটনাত আটক কৰা লোক কেইজন ক্ৰমে কুখ্যাত মজিবুৰ ৰহমান, আব্দুল কাদিৰ, চুৰাব আলি, আলি হুছেইন, আব্দুল জলিল, জামলউদ্দিন, কাচেম আলি। উল্লেখ যে, এই ধৃত লোক কেইজনে NL 01Q 1394 আৰু NL 01N 7272 নম্বৰ টেংকাৰ কেইখনৰ কেৱল মাত্ৰ তেলেই নহয় ,গাড়ী সহ বিক্ৰী কৰি দিছিল ৷ আনহাতে, এই সমগ্র ঘটনা সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে আৰক্ষী। কুঠৰী তিনিআলিৰ পৰা আৰক্ষীয়ে আটক কৰা এসময়ৰ দুধৰ্ষ চোৰাং চিকাৰী হিচাবে কুখ্যাত হৈ পৰা মজিবুৰ ৰহমান বৰ্তমান সময়ৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ লগত অতি ঘনিষ্ঠ বুলি চৰ্চিত হোৱাৰ সুবাদৰ বাবেই আৰক্ষীয়েও এই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে মুখ খোলাৰ পৰা বিৰত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। ইফালে, নগাঁও আৰক্ষীয়ে কোনো ধৰণৰ জাননী অথবা সামান্যতম খবৰো নিদিয়াকৈ জখলাবন্ধা থানাৰ সম্পূৰ্ণ অজ্ঞাতে চলোৱা এই অভিযানকলৈ বৰ্তমান সৰৱ চৰ্চা চলিছে বিভিন্ন মহলত। টেংকাৰ চুৰি ঘটনাত জখলাবন্ধাৰো কোনো আৰক্ষী জড়িত থকাৰ বাবেই জখলাবন্ধা আৰক্ষীৰ অজ্ঞাতে নগাঁও আৰক্ষীয়ে এই অভিযান চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন মহলে।

Leave a Reply

Your email address will not be published. Required fields are marked *