লাডেন ৰূপী কৃষ্ণ গ’লগৈ ! এৰি থৈ গ’ল বহু প্ৰশ্ন! সংশ্লিষ্ট বিভাগে নিৰপেক্ষ ভাবে পষ্টমৰ্টেম ৰিৰ্পটটো ৰাজহুৱা কৰিব নেকি?

হাতীটো ধৰিবলৈ যুদ্ধদেহিং ৰূপ লোৱাসকলে এতিয়া এই মৃত্যুৰ দায়িত্ব ল’বলৈ সেই একে উৎসাহ আৰু সাহস দেখুৱাবনে? আৰু সংবাদ মাধ্যমে যি উৎসাহেৰে হাতীটোক ধৰাৰ সময়ত লাইভ টেলিকাষ্ট কৰি ৰাইজৰ সঁহাৰি লাভ কৰিছিল তেওঁলোকেও এই হাতীটোৰ মৃত্যুক গভীৰ ভাবে লোৱা উচিত হ’ব৷ অন্যথা হাতীৰ প্ৰতি ই হ’ব চৰম অন্যায়! বিভিন্ন প্ৰশ্নই মনা অগা-দেৱা কৰিছে-

প্ৰশ্ন১/ হাতী এটাক গম নোপোৱাকৈ ট্ৰেংকুইলাইজ কৰা আৰু সদলবলে এই কাম কৰাৰ মাজত নিশ্চয় প্ৰাৰ্থক্য থাকে? সন্মুখত হাতীটোৱে ইমান ডাঙৰ প্ৰত্যাহবান দেখি হাতীটোৱে সেইসময়ত সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সমস্ত দেহ-মনক এই প্ৰত্যাহবানৰ বিপক্ষে নিশ্চয় লগাব লগা হৈছিল৷ হাতীটোৰ সেই অস্হিৰতাক বশ কৰিবলৈ ততোধিক পৰিমাণৰ ট্ৰেংকুইলাইজ ঔষধ প্ৰয়োগ কৰিবলৈ প্ৰয়োগ ঘটিছিলনেকি?

প্ৰশ্ন২/ হাতীটোৱে মানুহক ইমান উপদ্ৰৱ কৰালৈ চাই সন্দেহ জাগে,সি বাৰু আঘাতপ্ৰাপ্ত হৈ আছিল নেকি?

প্ৰশ্ন৩/ ট্ৰেংকুইলাইজ কৰাৰ পিছত তাৰ শাৰীৰিক পৰীক্ষা কৰা হৈছিলনে?

প্ৰশ্ন৪/ এতিয়া চৰকাৰ আৰু সংবাদ মাধ্যমে হাতী এটা লাডেন নহ’বলৈ অসমৰ সকলো হস্তীদণ্ডি একেটা উৎসাহ দেখুৱাই হাতীৰ বাবে মুক্ত কৰিব পাৰিবনে?

সাধাৰণ মানুহ আমি৷ আমাৰ মনলৈ অহা প্ৰশ্ন কেইটিহে উল্লেখ কৰিলোঁ৷ ক্ষমাৰে-

বুবুল শৰ্মা, কাজিৰঙা, ১৭ নৱেম্বৰ ২০১৯।

Leave a Reply

Your email address will not be published. Required fields are marked *