কাজিৰঙাত বিজেপি নেতাৰ তেল দিপুত গ্ৰাহকক ৰাম ঠগণ। ৩৬০ লিটাৰ টেংকীত সোমাল ৩৮৪ লিটাৰ তেল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ মে’: লকডাউনৰ সুবিধা লৈ কাজিৰঙাত গ্ৰাহকক ৰাম ঠগন তেল ডিপোৰ। কাজিৰঙাৰ গেলেকীত থকা ইণ্ডিয়ান অইলৰ IBP নামৰ তেল ডিপোত গ্ৰাহকক লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ মতে, মঙ্গলবাৰে নিশা দেৰগাঁৱৰ পৰা কলকাতালৈ গৈ থকা AS 05C 1402 নম্বৰৰ এখন তেল টেংকাৰে ডিপোতটোত ডিজেল ভৰায় । তেল টেংকাৰ খনৰ ৩৬০ লিটাৰ ধৰা টেংকিত ৩৮৪ লিটাৰ তেল সোমোৱাই ডিপোটোৰ কৰ্মচাৰীয়ে ৷ তেল টেংকিত পৰিমাণতকৈ অধিক তেল সোমোৱাত টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনৰ চকু কপালত উঠে ৷ ডিপোটোৰ মেচিনত খেলি-মেলি কৰি গ্ৰাহকক ঠগন দি অহাৰ সন্দেহ কৰি ডিপোৰ কৰ্তৃপক্ষক অভিযোগ দিয়ে যদিও ডিপোৰ কৰ্মচাৰীয়ে কথাটো গুৰুত্ব নিদি শুই থাকেগৈ । চালকৰ মতে, গাড়ী খনত পূৰ্বৰে পৰা আছিল প্ৰায় ত্ৰিশ লিটাৰ তেল। তাৰ পাছত গাড়ী খনত সোমাব লাগিছিল ৩৩০ লিটাৰ তেল। কিন্তু ৫৪ লিটাৰ তেল বেছিকৈ সোমোৱাত তেল ডিপোটোৱে পূৰ্বৰে পৰা গ্ৰাহকক ঠগি অহাৰ কথা পোহৰলৈ আহে । গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰভাৱশালী নেতাৰ এই তেল ডিপোত পূৰ্বৰে পৰা চলি আহিছে এনে কাণ্ড ৷ আনহাতে, ডিপোৰ কৰ্মচাৰীয়ে জনোৱা মতে লক ডাউনৰ পূৰ্বৰে পৰা দিপুটোৰ মেচিনত বিসংগতি আছে । মেচিনত তেলৰ পৰিমাণ নেদেখুৱায় । মাত্ৰ মূল্য দেখোৱা এনে বিসংগতি থকা মেচিনেৰে লকডাউনৰ পূৰ্বৰে পৰা গ্ৰাহকক চলাই আহিছিল লুণ্ঠন ৷ ঘটনাস্থলীত কহঁৰা আৰক্ষী উপস্থিত হোৱাৰ পাছত সমগ্র ঘটনাৰ কথা নিশাই বোকাখাত মহকুমাধিপতিক অৱগত কৰাৰ পাছত ডিপোটোৰ বিৰুদ্ধে তদন্ত কৰা হব বুলি জানিবলৈ দিয়ে মহকুমাধিপতি গৰাকীয়ে। ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ অভিযোগ তেল দিপুৰ মালিক বিজেপি দলৰ গোলাঘাট জিলাৰ এজন প্ৰভাৱশালী নেতা হোৱাৰ বাবে বিভিন্ন সময়ত তেল দিপুটোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ অহাৰ পাছতো প্ৰশাসনে ব্যৱস্থা লোৱা নাই। লগতে পৰিষদৰ বোকাখাত জিলাৰ সম্পাদক অনন্ত গগৈয়ে কয় যে, বিজেপি নেতা বিশ্বজিৎ ফুকন মালিকাধিন তেল দিপুটোৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনে অন্যথা দিপুটোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লব যুৱ ছাত্ৰ পৰিষদে।

Leave a Reply

Your email address will not be published. Required fields are marked *