গোপিকানন্দ শইকীয়াৰ অভিনন্দন গ্ৰন্থ “ৰ’দ অনা মানুহ জনৰ” উন্মোচন :

কাজিৰঙা লাইভ, বোকাখাত, ২৮ নবেম্বৰ : বোকাখাতৰ শিক্ষা, সমাজ, সাহিত্য আৰু সাংস্কৃতিক জীৱনক নিজৰ অপৰিসীম অৱদানেৰে সমৃদ্ধ কৰা জে ডি এছ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক গোপিকানন্দ শইকীয়াৰ জীৱনকলৈ প্ৰস্তুত কৰা এখনি অভিনন্দন গ্রন্থ আজি বোকাখাতত উন্মোচন কৰা হয় ৷ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত তিনচুকীয়া কন্যা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱৰাই ৰ’দ অনা মানুহজন নামৰ এই অভিনন্দন গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷ আকৰ প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত আৰু ঋতুপৰ্ণ দাসৰ দ্বাৰা সম্পাদিত এই গ্ৰন্থত অধ্যাপক গোপিকানন্দ শইকীয়াৰ জীৱনৰ বিভিন্ন তথ্যৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তিয়ে গোপিকানন্দ শইকীয়াক লৈ লিখা তথ্য সমৃদ্ধ লিখনি গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে ৷
অনুষ্ঠানত বোকাখাতৰ বিভিন্ন দল সংগঠনে গোপিকানন্দ শইকীয়াক গামোছা, সৰুদৈয়া জাপি, চেলেং চাদৰ, সঁফুৰা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ৷ আকাশবানী গুৱাহাটীৰ বিষয়া ঋতুপৰ্ণ দাসে আঁতধৰা অনুষ্ঠানত বিভিন্ন জনে অধ্যাপক গোপিকানন্দ শইকীয়াৰ জীৱন আৰু ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি মন্তব্য প্ৰদান কৰে ৷
অনুষ্ঠানত গোপিকানন্দ শইকীয়াৰ মাতৃ বিশিষ্ট সাহিত্যিক অন্নদা শইকীয়া, খুৰাক আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভবেশ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত , ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ’চিয়েচনৰ সম্পাদক প্ৰদ্যুত মহন্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, সন্ধানি লেখিকা সমাৰোহ সমিতিৰ সুৱৰ্ণ শইকীয়া বৰদলৈ, মৰিগাওঁ বিশিষ্ট ব্যক্তি বাবুল বৰদলৈ, সমাজ সেৱক দেৱ প্ৰদীপ বৰা, জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ, ব যুৱ নেতা আকাশ ফুকনৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু পৰিয়ালৰ সমুহ সদস্যই অংশগ্ৰহন কৰে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই গোপিকানন্দ শইকীয়াক গায়ন বায়নেৰে অনুষ্ঠান থলীলৈ আদৰি অনা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *