আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত কৃষকৰ মাজত টৰ্চ লাইট বিতৰণ :

কাজিৰঙা লাইভ, বোকাখাত, ২৭ নবেম্বৰ: আঘোন মহীয়া পথাৰৰ লক্ষিমী চপোৱাৰ সময়ত হাতী উপদ্ৰব নিয়ন্ত্ৰন কৰি শস্য চপোৱাত কৃষকক সহায় কৰাৰ বাবে দেশৰ অগ্ৰনী প্ৰকৃতি সংগঠন আৰণ্যকে বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলং জিলা সীমান্ত অঞ্চল কৃষকৰ মাজত উচ্চ প্ৰযুক্তিৰ চাৰ্জ কৰিব পৰা লাইট আৰু টৰ্চ লাইট বিতৰণ কৰিছে ৷ বোকাখাত মহকুমাৰ গেলেকা বালিজান, লখৌজান, ধানবাৰী চাৰ’ গাওঁৰ পিচত আৰণ্যকে আজি কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কাকচাঙ গাওঁৰ কৃষকৰ মাজত টৰ্চ লাইট বিতৰণ কৰে ৷কাকচাঙৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে কাকচাঙৰ সামুহিক প্ৰক্ষাগৃহৰ প্ৰাংগনত আয়োজিত এক বিশেষ অনুষ্ঠানত কৃষকৰ মাজত টৰ্চ লাইট বিতৰণ কৰা হয় ৷ অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, আৰণ্যকৰ জেষ্ঠ সমন্বয়ক মানস কুমাৰ ভট্টচাৰ্য, চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত উপ শাখাৰ উপ সভাপতি টংকেশ্বৰ বৰাইক আৰু সাংগঠনিক সম্পাদক বিজয় কানু , গাওঁৰক্ষী বাহিনীৰ সম্পাদক মন্টু দেৰ লগতে স্থানীয় কৃষক আৰু গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তাও উপস্থিত থাকে ৷ অনুষ্ঠান জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই টৰ্চ লাইট দি কৃষকক সাময়িক সকাহ দিয়াৰ বাবে আৰণ্যকক ধন্যবাদ দিয়াৰ উপৰিও হাতীক অত্যাচাৰ নকৰিবৰ বাবেও কৃষকক আহ্বান জনায় ৷ নষ্ট হোৱা পথাৰৰ শস্যৰ বাবে বিধিগত ভাৱে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবৰ বাবেও জেষ্ঠ সাংবাদিক গৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষকক পৰামৰ্শ দিয়ে ৷ বিপদৰ সময়ত কৃষকৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কৃষক সকলে আৰণ্যক ধন্যবাদ জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *