কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত এদিনীয়া বক্তৃতা অনুষ্ঠান আৰু পাঠদান অনুষ্ঠান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ নৱেম্বৰ: চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা, আভ্যন্তৰীন মান নিৰূপণ কোষ(IQAC)ৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলৰ মাজত এখন এদিনীয়া বক্তৃতানুষ্ঠান আৰু পাঠদান অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠান সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা তথা নেইষ্ট যোৰহাটৰ প্ৰাক্তন বিজ্ঞানী ড° মালিনী খ্যাত ড০ নীলিমা শইকীয়া আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° প্ৰাপ্তি ঠাকুৰ। অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বোকাখাত মহকুমাৰ নিৰ্বাচনী বিষয়া পৰীস্মিতা দিহিঙীয়া।ড০ ত্ৰিনীতি বৰগোহায়ে আত ধৰা অনুষ্ঠানটোৰ অতিথিৰ পৰিচয় দাঙি ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰেৱত মহন্তই ।মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰিপ্ৰসন্ন ডেকা বৰুৱাই আৰম্ভণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত ড° মালিনীয়ে সাম্প্ৰতিক কালত ৰামায়ণৰ অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। ড০ প্ৰাপ্তি ঠাকুৰে সাহিত্যৰ জনপ্রিয় শাখা হিচাপে চুটিগল্প-সংজ্ঞা আৰু বৈশিষ্ট্য সম্পর্কে ছাত্ৰ-ছাত্রীসকলৰ মাজত এক পাঠদান কৰে। উক্ত অনুষ্ঠানতে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰেৱত মহন্তই সম্পাদনা কৰা প্ৰায় ২০০ পৃষ্ঠাৰ তুলনামূলক ভাৰতীয় সাহিত্য শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰে ড০ মালিনী প্ৰমুখ্যে ড০ প্ৰাপ্তি ঠাকুৰ, অধ্যক্ষ ড০ হৰি প্ৰসন্ন ডেকা বৰুৱা আৰু পৰিস্মিতা দিহিঙ্গীয়াই।সভাত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাকে প্ৰমুখ্য কৰি আন গণ্য-মান্য ব্যক্তিৰ লগতে মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ সৈতে জড়িত ব্যক্তি তথা সাংবাদিক স্বপন নাথো উপস্থিত থাকে ।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ড০ পৰিমিতা ভূঞাই । উল্লেখযোগ্য যে এই অনুষ্ঠানতে অতিথিবৃন্দৰ দ্বাৰা মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ‘সমন্বয়’ৰ দ্বিতীয়টো সংস্কৰণৰ উন্মোচন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *