কাজিৰঙাত বিভাগীয় হাতীৰ আক্ৰমণত আহত মাউত

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৩ নৱেম্বৰ: কাজিৰঙাত অঘটন।নিজৰেই মাউতক গছকি গুৰুতৰ ভাৱে আহত কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বস্ত হাতী জয়মালাই।আজি বিয়লি ৪ বজাত এই ঘটনা সংঘটিত হয় ৷ উদ্যান খনৰ অগৰাতলী বনাঞ্চলৰ দাঁতিকাষৰীয়া তামূলীপথাৰ বিট আৰু নলনি বন শিবিৰৰ মাজত সংঘটিত হয় এই ঘটনা।জয় মালা নামৰ হাতীটোৰ বছৰ বছৰ ধৰি মাউত হিচাপে থকা লালবিন্দাক হঠাতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।আজি বিয়লি আনদিনাৰ দৰেই হাবিৰ মাজত চৰি থকা জয় মালাক আনিবলৈ গৈছিল লালবিন্দাই।কিন্তু জয় মালাই আকস্মিকভাৱে উগ্ৰমূৰ্তি ধাৰণ কৰি লালবিন্দাক আক্ৰমণ কৰে।সৌভাগ্যক্ৰমে মাউত লালবিন্দাৰ চিঞৰ শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ হাতী জয়মালাৰ কৱলৰ পৰা লালবিন্দাক উদ্ধাৰ কৰে।লগে লগে স্থানীয় ৰাইজে উদ্যানৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি অনা আহত মাউত লালবিন্দাক দাঙি গাওঁলৈ লৈ আনে আৰু তাৎক্ষণিক ভাৱে আহত মাউত জনক জৰুৰীকালীন চিকিৎসাৰ বাবে বোকাখাতৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *