কাজিৰঙা লাইভ’ৰ চতুর্থ বৰ্ষপূৰ্তিঃ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৯ অক্টোবৰ: কাজিৰঙাৰ অন্যতম ৱেব পৰ্টেল “কাজিৰঙা লাইভ ২৪/৭” ৰ চতুর্থ বৰ্ষপূৰ্তি আজি কাজিৰঙাৰ কহঁৰাস্থ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৰ্ষপূৰ্তি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক কৰ্মশ্ৰী পি, শিবকুমাৰে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছত কাজিৰঙা লাইভৰ মূখ্য সম্পাদক ভবানন্দ কলিতাৰ সভাপতিত্বত হোৱা সভাত কাৰ্যবাহী সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে উদেশ্য ব্যাখ্যা কৰে৷ সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক পি, শিবকুমাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংমন্ডল প্ৰাধিকাৰী ৰমেশ গগৈ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি ভাষন আগবঢ়ায়। সভাতেই সমাজলৈ সাহিত্যৰ ক্ষেত্রত বৰঙনি আগবঢ়োৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিজৰা বৰঠাকুৰ, সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতি, কুৰুৱাবাহীৰ কৃষক ললিত দত্ত আৰু কাজিৰঙাৰ চিত্ৰশিল্পী লিম্পী পাঠকক সম্বৰ্দ্ধনা জনোৱা হয়। মানপত্র, চেলেং, গামোচা, স্মাৰক আদিৰ লগতে লিম্পী পাঠকক নগদ ধন কিছু প্ৰদান কৰা হয়। সভাত কাজিৰঙা লাইভৰ কিছু বাতৰি দৃশ্য শ্ৰাব্য মাধ্যমত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বনবিষয়া চিন্ময় ধৰ, সমাজকৰ্মী ফটিক বৰা, অধিবক্তা কিশোৰ চেত্ৰী, ছাত্র নেতা গীতাৰ্থ শইকীয়া, সাংবাদিক উত্তম শইকীয়া, নিলু আচাৰ্য, নীলপদ্ম শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিলোৎপল খাউণ্ড, জীপাল কৃষক শ্ৰমিক সংঘৰ সোণেশ্বৰ নৰহৰ লগতে আটছাৰ বিষয়ববীয়া উপস্থিত থকাৰ লগতে বক্তব্য আগবঢ়ায়। কাজিৰঙা লাইভৰ পৰিয়ালৰ ৰঞ্জিত ৰজক, বিতোপন বৰা, ধ্ৰুৱজ্যোতি সাহা, কিষাণ চেত্ৰী, বিতোপন মাঝি, চন্দন দত্ত, ইমৰান আলি, প্রিয়ম শইকীয়া আদি উপস্থিত থাকে। অনুষ্ঠানৰ আত ধৰে দিব্যজোতি শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *